অসম

খাৰুপেটিয়াৰ কাপোৰৰ দোকানত চুৰি

প্ৰথম খবৰ,খাৰুপেটিয়াঃ দৰং জিলাৰ খাৰুপেটিয়াৰ পাৰ্শ্বৱৰ্তী অঞ্চল সমুহত নতুনকৈ সৃষ্টি হোৱা চ’ক(বজাৰ)সমুহত দিনক দিনে অবৈধ তীৰ জোৱা খেলৰ লগতে বৃদ্ধি পাবলৈ ধৰিছে চুৰি কাণ্ড ৷দুখনকৈ বিদ্যালয়ৰ গাতে লাগি থকা ওজাগাঁও নতুন বজাৰ খনতো অবৈধ তীৰ খেলত চিন্তিত হৈ পৰিছে অভিভাৱকসকল ৷ কম সময়তে অধিক ধন ঘটাৰ উদ্দেশ্যে অঞ্চল সমুহত কিছুমান পেচাদাৰী জোৱাৰিয়ে জোৱা খেলত সৰ্বশান্ত হৈ চুৰিকাৰ্যত লিপ্ত হবলৈ ধৰিছে ৷ যোৱা ৰাতি ধাৰাষাৰ বৰষুণৰ সুযোগ বুজি ধুলা থানাৰ অন্তৰ্গত ওজাগাঁও নতুন বজাৰত এটা কাপোৰ দোকানৰ পৰা দোকানৰ ৰিং ভাঙি প্ৰায় তিনি লক্ষ্যধিক টকাৰ কাপোৰৰ লগতে টকাও লুট কৰি নিয়ে ৷ উল্লেখ্য যে ওজাগাঁও নতুন বজাৰ খনত বছৰে বছৰে চুৰি কাৰ্য সংঘটিত হোৱা সত্বেও আৰক্ষীয়ে আজিলৈকে কোনো এজন চুৰকে কৰায়ত্ব কৰিব নোৱাৰাটো ৰহস্য জনকহৈ পৰিছে ৷এই অঞ্চল সমুহত অবৈধ ভাৱে চলি থকা জুৱা খেল সমুহ অতি সোনকালে উচ্ছেদ কৰিবলৈ প্ৰশাসনক দাবী জনায় স্থানীয় ৰাইজে।

Related Articles

Leave a Reply

Close