অসম

খেৰণিত বিজেপিৰ প্ৰাৰ্থীৰ হৈ ৰাজ্যিক মন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মাৰ নিৰ্বাচনী প্ৰচাৰ

প্ৰথম খবৰ,খেৰণি: কাৰ্বি আংলং স্বায়ত্ব শাসিত পৰিষদৰ আসন্ন নিৰ্বাচনৰ নিৰ্বাচনী প্ৰচাৰ ইতিমধ্যে নিৰ্বাচনী আয়োগে বন্ধ কৰাৰ নিৰ্দেশ প্ৰদান কৰিবলৈ সন্মুখত মাত্ৰ কেইঘন্টামান বাকী৷  তেনে সময়তে আজি পশ্চিম কাৰ্বি আংলঙৰ খেৰণিত অগপই বৃহৎ সমদল উলিয়াই নিৰ্বাচনী ৰণডংকা বজোৱাৰ পাছতেই ৰাজ্যিক মন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মাই ব্যাপক তৎপৰতাৰে নিৰ্বাচনী প্ৰচাৰ চলালে পৰিষদীয় ৭ নং কপিলি সমষ্টি আৰু ৯ নং আমৰেং সমষ্টিৰ বিজেপিৰ প্ৰাৰ্থী পৱন কুমাৰৰ লগতে ৰিনা টেৰাংপিৰ হৈ খেৰণিত৷ কাৰ্বি পৰিষদৰ মুখ্য কাৰ্য্যবাহী সদস্য তথা পৰিষদীয় ৬ নং বিথুং ৰেংথেমা সমষ্টিৰ বিজেপিৰ প্ৰাৰ্থী তুলিৰাম ৰংহাঙৰ বিপৰীতে কাটিগঢ়া বিধান সভা সমষ্টিৰ বিধায়ক অমৰচন্দ জৈন, বৈঠালাংছ বিধায়ক ড° মানছিং ৰংপি, জাগিৰোড বিধান সভা সমষ্টিৰ বিধায়ক পিযুষ হাজৰিকা, ঢেকীয়াজুলিৰ বিধায়ক অশোক সিংহাল, অসম হাউচিং বৰ্ডৰ উপ অধ্যক্ষ সুভাষ দত্ত, ৰাজ্যিক কমিতিৰ সদস্য অনুপম পুৰুহিতৰ বিপৰীতে অন্যান্য বিজেপি উচ্চস্তৰীয়া নেতা কৰ্মীৰ উপস্থিত থকা নিৰ্বাচনী প্ৰচাৰ সভাত অসম চৰকাৰৰ স্বাস্থ্য, শিক্ষা আৰু বিত্ত বিভাগৰ মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই কয় যে ড° জয়ন্ত ৰংপিৰ দিনত কাৰ্বি পাহাৰত হিংসা-হত্যাৰে অশান্ত কৰিলে, খৰছিং ইংতি, বিৰেনছিং ইংতিয়ে খুলশালী-শালপতিৰ ৰাজনীতি কৰি দুৰ্নীতি কৰিলে৷ কিন্তু বিজেপিয়ে বিশেষকৈ কাৰ্বি আংলং জিলাত ক্ষীপ্ৰতাৰে উন্নয়ণ-বিকাশ, অৰ্থনৈতিক উন্নয়_ণ, গুণগত শিক্ষা বিস্তাৰ, ৰাষ্টা-ঘাটৰ সুব্যৱস্থা, শৈক্ষিক অনুষ্ঠান, বিশ্ব বিদ্যালয় স্থাপন আদিৰে কাৰ্বি আংলঙক জিলাক দেশৰ ভিতৰতে এখন জাকত-জিলিকা জিলা হিচাপে গঢ়িবলৈ একমাত্ৰ লক্ষ্য আৰু সংকল্প লৈছে বিজেপি চৰকাখনে বুলি সদৰি কৰে ড° শৰ্মাই৷ লগতে শৰ্মাই বিনামুলীয়া পাঠ্যপুথিৰ যোগান আৰু কাৰ্বি আলঙত বি এড কলেজ, পলিটেকনিক কলেজ, বিজ্ঞান শাখাৰ মহাবিদ্যালয়, নাৰ্ছিং কলেজ আদি স্থাপন কৰি জিলাখনৰ যুৱক-যুৱতীক যোগ্যতাপূৰ্ন হিচাপে গঢ় দি সংস্থাপন আদি দি উপাৰ্জনক্ষম কৰাৰ চেষ্টা বিজেপি চৰকাৰখনে কৰিছে বুলি উল্লেখ কৰে৷ আনহাতে ২০০ বিচনাযুক্ত অসামৰিক চিকিৎসালয় স্থাপন, অটল অমৃত আঁচনি আদিৰে ২ লাখ পৰ্যন্ত চিকিৎসা সাহাৰ্য, বিনামূলীয়া ৰক্ত পৰীক্ষা, চিটি স্কেন, এক্সৰে আদি ব্যৱস্থা কঠিন ৰোগত আক্ৰান্ত ৰোগীক সহায়ৰ হাত বঢ়াবলৈ কেৱল এই বিজেপি চৰকাৰেখনে বিভিন্ন আঁচনি আদি হাতত লৈছে বুলি শৰ্মাই অৱগত কৰে ৰাইজৰ ওচৰত৷ লগতে মহিলাৰ সবলীকৰনৰ চিন্তাৰে মহিলা আত্মসহায়ক গোটক চাৰি বছৰৰ ভিতৰত ৩ লাখ ৭৫ হাজাৰ সাহাৰ্য দিয়াৰ ব্যৱস্থা লৈছে বিজেপিয়ে য’ত নেকী কংগ্ৰেছে ৫ টা বছৰৰ ভিতৰত কেৱল ৫ হাজাৰ টকাহে দিছিল এই মহিলা আত্মসহায়ক গোটসমুহক বুলি উল্লেখ কৰে মন্ত্ৰীগৰাকীয়ে৷

Related Articles

Leave a Reply

Your email address will not be published. Required fields are marked *

Close