অসম

খেৰণিত ভয়াৱহ পথ দুৰ্ঘটনা: খাৱৈত বাগৰিল মালবাহী ট্ৰাক

প্ৰথম খবৰ,খেৰণি: পশ্চিম কাৰ্বি আংলঙৰ খেৰণি থানা অন্তৰ্গত খেৰণিৰ চাৰি-আলিত সংঘটিত হয় এক ভয়াৱহ পথ দুৰ্ঘটনা৷ খেৰণিত কাৰ্বি আংলং স্বায়ত্ব শাসিত পৰিষদৰ সমাগত কাৰ্বি পৰিষদীয় নিৰ্বাচনৰ বাবে ৰাজ্যিক মন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মাই চলোৱা নিৰ্বাচনী প্ৰচাৰ অন্ত পৰাৰ ঠিক পিছতেই খেৰণি চাৰি-আলিত নিয়ন্ত্ৰণ হেৰুৱাই খাৱৈত বাগৰি পৰে এখন মালবাহী ট্ৰাক৷ প্ৰথমাৱস্থাত দুৰ্ঘনাৰ সন্মুখিন হোৱা গাড়ীখন প্ৰচাৰ সভালৈ নেতা কৰ্মী ও সমৰ্থকক কঢ়িয়াই অনা গাড়ী বুলি ৰাইজৰ মাজত এক হোৱাদুৱা লাগে৷ কিন্ত পাছত সঠিক খৱৰ লাভ কৰি ৰাইজ তথা দলীয় নেতা কৰ্মীয়ে সকাহ পায়৷ জানিব পৰা মতে ট্ৰাকখনে উমৰাংছ’ৰ পৰা চিমেন্ট ফেক্টৰীৰ ক্লিংকাৰ কঢ়িয়াই আনি থকা অৱস্থাত সংঘটিত হয় এই ঘটনা৷ ইতিমধ্যে দুৰ্ঘটনাগ্ৰস্ত খাৱৈত বাগৰি পৰা ট্ৰাকখনৰ তলৰ পৰা ৰাইজ আৰু আৰক্ষীৰ তৎপৰাত জেচিভিৰে এজন লোকক সংকটজনক অৱস্থাত উদ্ধাৰ কৰে৷ উল্লেখ্য যে অতি সংকটজনক অৱস্থাত লোকজনক চিকিৎসালয়লৈ প্ৰেৰণ কৰে যদিও মৃত্যু হোৱাৰ সম্ভৱনা আছে বুলি মন্তব্য প্ৰকাশ কৰে একাংশ প্ৰত্যক্ষদৰ্শিয়ে৷ ট্ৰাকখনৰ চালক দুৰ্ঘটনাৰ পাছতেই পলায়ন কৰাৰ বিপৰীতে চিকিৎসালয়লৈ প্ৰেৰণ কৰা লোকজন হেণ্ডিমেন বুলি সন্দেহ কৰিছে ঘটনাস্থলিত থকা ৰাইজৰ লগতে আৰক্ষীয়ে৷ ট্ৰাকখনৰ নম্বৰ এ এছ ০১ ডি চি ১৭৪৯৷

Related Articles

Leave a Reply

Your email address will not be published. Required fields are marked *

Close