অসমশীৰ্ষ

গহপুৰত অবৈধ সুৰাৰ গোপন ভাণ্ডাৰ: মেঘালয়- অৰুনাচলীৰ সুৰাৰ বটলত অসমৰ লেবেল

নিউজ ডেস্ক, প্ৰথম খবৰ: গহপুৰৰ মহকুমা আৰক্ষী বিষয়া তিলক দাসৰ নেতৃত্বত যোৱা আৰক্ষীৰ দল এটাই কালি গোপন সূত্ৰৰ পম খেদি সুৰা ব্যৱসায়ী জিতু শৰ্মাৰ ঘৰৰ গুদামৰপৰা জব্দ কৰা অসম- অৰুণাচল আৰু মেঘালয়ৰ সুৰাৰ কাৰ্টুনসমূহক লৈ গহপুৰৰ বিভিন্ন মহলত চৰ্চা আৰু কৌতুহল অব্যাহত আছে। আজি এই প্ৰতিবেদকে দুগৰাকী সতীৰ্থ সাংবাদিকৰ সৈতে গহপুৰৰ আবকাৰী পৰিদৰ্শক দুলাল শৰ্মাক সাক্ষাৎ কৰি জানিব পৰা মতে আৰক্ষীয়ে ৯১ কাৰ্টুন অবৈধ সুৰা জব্দ কৰা বুলি গহপুৰ আবকাৰী বিভাগক কাগজ – কলমে জমা দিছিল যদিও তাত ৬৫/৭০ কাৰ্টুন মান মদৰ বটলহে আছে। তদুপৰি বহু কাৰ্টুনত দুই- চাৰিটা বটলহে আছে। উল্লেখ্য যে 100 pipers নামৰ দামী মদৰ বটলৰ কাৰ্টুনত কম দামী বেলেগ সুৰা বটলহে পোৱা গৈছে। ইপিনে Royal stag ৰ Full বটলৰ কাৰ্টুনত ৪/৫ টা বটলহে দেখা পোৱা গ’ল। আমাৰ মন্তব্য নিষ্পয়োজন।

অৰুনাচলী, মেঘালয়ৰ সুৰাৰ বটল: কালি গহপুৰ আৰক্ষীয়ে জিতু শৰ্মাৰ ঘৰৰ পৰা জব্দ কৰা সুৰাৰ কাৰ্টুনসমূহৰ একাংশ অসমৰ লেবেল লগোৱা অৰুনাচলী আৰু মেঘালয়ৰ সুৰা বুলি দাবী কৰিছে গহপুৰৰ আবকাৰী পৰিদৰ্শক দুলাল শৰ্মাই। বিষয়া জনৰ মতে তাত থকা Imperial Blue নামৰ মদৰ বটল সমূহ প্ৰকৃততে অৰুনাচলী সুৰা। কম দামত পোৱা অৰুনাচলী মদৰ বটলসমূহ অধিক মুনাফা লুটাৰ উদ্দেশ্যেই দুষ্ট চক্ৰই এইদৰে ডুপ্লিকেট কৰে। জিতু শৰ্মা ছত্ৰ ছায়াতে তেওঁৰ ঘৰৰ গুদামত এইদৰে লেবেল লগোৱা হয় নেকি বুলি সোধাত তেওঁ ক’লে- মই জিতু শৰ্মাই কৰে বুলি নকওঁ, কাৰণ মোৰ হাতত প্ৰমাণ নাই, কিন্তু এটা ডাঙৰ চক্ৰ আছে, তদন্তৰ পিছতহে সকলো কথা পোহৰলৈ আহিব। সেইদৰে আন দুটামান কাৰ্টুনত থকা সুৰাৰ বটলসমূহ মেঘালয়ৰ বুলি বিষয়া জনে দাবী কৰিছে। মেঘালয়ৰ লেবেল আঁতৰাই অসমৰ লেবেল বটলসমূহত লগাই জালিয়াতি কৰা বুলিও তেওঁ দৃঢ়তাৰে কয়।
কি হ’ব জিতু শৰ্মাৰ : কেইবাখনো বিদেশী সুৰাৰ বাৰ থকা জিতু শৰ্মাৰ বিৰূদ্ধে কি আইনগত ব্যৱস্থা লোৱা হ’ব সেইটো এতিয়া বহুতৰ বাবে লাখ টকীয়া প্ৰশ্ন। আবকাৰী পৰিদৰ্শক দুলাল শৰ্মাৰ মতে তেওঁলোকে সুৰাখিনি জব্দ কৰি বিভাগীয় নীতি- নিয়ম মতে তদন্ত অব্যাহত ৰাখিছে। তদন্তৰ পিছত বিভাগীয় নীতি- নিৰ্দেশনা মতে দোষীৰ বিৰূদ্ধে ব্যৱস্থা গ্ৰহণ কৰা হ’ব।

ৰাইজে কি বিচাৰে : ঘটনা সন্দৰ্ভত এক উচ্চ পৰ্য্যায়ৰ নিৰপেক্ষ তদন্তৰ দাবী কৰিছে গহপুৰৰ সচেতন ৰাইজে। অৰুনাচলী- মেঘালয়ৰ সুৰাৰ বটলত অসমৰ লেবেল লগাই অধিক দামত বিক্ৰী কৰা, ৰাজহ ফাঁকি দিয়া, জন স্বাস্থ্য বিৰোধী কাম কৰা দুষ্ট চক্ৰটোক চিনাক্ত কৰি দৃষ্টান্তমূলক শাস্তিৰ দাবী তুলিছে নিৰপেক্ষ সচেতন ৰাইজে।

Related Articles

Leave a Reply

Your email address will not be published. Required fields are marked *

Close