অসম

তেজপুৰৰ নামঘৰে নামঘৰে শংকৰী সংস্কৃতিৰ সজীৱ ৰূপ 

প্ৰথম খবৰ, তেজপুৰ: পৰম গুৰুজনাই দি থৈ যোৱা শংকৰি কলা সংস্কৃতিৰ আন এক অভিজাত ৰূপ ভাওঁনাক বিশেষভাৱে আজিও অসমৰ প্ৰতি খন ঐতিহ্যমণ্ডিত গাঁৱৰ গঞাই প্ৰাণঢালি জীয়াই ৰখাৰ প্ৰচেষ্টা অব্যাহত ৰাখিছে ৷ গাওঁসমূহত প্ৰতি বছৰেই নামঘৰে নামঘৰে নামগোৱা-পানীতোলা সৱাহ পাতি শংকৰ গুৰুজনাই দি থৈ যোৱা আধ্যাত্মিক ধ্যান ধাৰণাক সৱল কৰাৰ লগতে প্ৰায়বোৰ নামঘৰতেই গাওঁবাসীয়ে নিশাৰ ভাগত ভাওনা মঞ্চস্থ কৰি উঠি অহা প্ৰজন্মক শংকৰী কৃষ্টিৰ পাঠ দি আহিছে ৷ লক্ষণীয় কথা যে, পূৰ্বতে কেৱল পুৰুষ সকলে ভাওঁ দি প্ৰদৰ্শন কৰা ভাওঁনাক এতিয়া পুৰুষ- মহিলাই মঞ্চস্থ কৰি ইয়াৰ এক অনন্যৰূপ দিবলৈ কৰা প্ৰয়াস গুৰুত্বপূৰ্ণ দিশ হিচাপে বিবেচিত হৈছে ৷ শোণিতপুৰ জিলাৰ এখনি জনবহুল গাঁও মিলনপুৰ শইকীয়া চুবুৰিৰ নামঘৰত বাৰ্ষিক কাৰ্যসূচীৰ অংশ হিচাপে যোৱা কালি গাওঁখনৰ পুৰুষ -মহিলা সকলে অনুস্থিত কৰিলে “ধৰ্মধজ্জা উপাখ্যান , বলকেটু বধ ” নামৰ পৌৰাণিক নাটখনি ৷ গাওঁখনৰ পুৰুষ -বোৱাৰী ,জীয়ৰী, বৃদ্ধা সকলো মিলি সাৱলীল অভিনয়ৰে ৰূপায়ণ কৰা ভাওনা খনিৰ অভিনৱ ৰূপ টোৱে দৰ্শক সকলক বিমুগ্ধ কৰে ৷ আনহাতে, এই ভাওনা উপভোগ কৰিবলৈ কাষৰীয়া গাওঁ সমূহৰ পৰা আহিও অগনন দৰ্শকে ভিৰ কৰে ৷অনুষ্ঠানৰ লগত সংগতি ৰাখি এই বেলি সুখ্যাতিৰে উত্তীৰ্ণ হোৱা শিক্ষাথী সকলক বিপুলভাবে সম্বদ্ধৰ্ণা জনোৱাৰ লগতে চুবুৰিখনৰ নতুনকৈ চিকিৎসক হিচাপে উত্তীৰ্ণ হোৱা শ্ৰাৱনিকা শইকীয়াকো সম্বধৰ্ণা জনোৱা হয় ।

Related Articles

Leave a Reply

Your email address will not be published. Required fields are marked *

Close