অসমশীৰ্ষ

গুৱাহাটীৰ কেইখনমান আগশাৰীৰ কলেজৰ নামভৰ্তিৰ দিন ঘোষণা

## কটন বিশ্ববিদ্যালয়ৰ HSৰ নামভৰ্তিৰ দিন ঘোষণা। ১১ আৰু ১২ জুনত হ’ব উচ্চতৰ মাধ্যমিকৰ বিজ্ঞান শাখাৰ নামভৰ্তি। ১৮ জুনত নামভৰ্তি হ’ব উচ্চতৰ মাধ্যমিকৰ কলা শাখাৰ। শিক্ষাৰ্থীয়ে অনলাইনযোগে পূৰণ কৰিব লাগিব প্ৰ-পত্ৰ, ৫ জুনৰ পৰা উপলব্ধ হ’ব নামভৰ্তিৰ প্ৰ-পত্ৰ।

## সন্দিকৈ মহাবিদ্যালয়ৰ নামভৰ্তিৰ দিন ঘোষণা। ২০ জুনত হ’ব উচ্চতৰ মাধ্যমিকৰ নামভৰ্তি। স্নাতক বিজ্ঞান শাখাৰ নামভৰ্তি হ’ব ২১ জুনত। স্নাতক কলা শাখাৰ নামভৰ্তি ২২ আৰু ২৩ জুনত। ৫ জুনৰ পৰা উপলব্ধ হ’ব নামভৰ্তিৰ প্ৰ-পত্ৰ। প্ৰ-পত্ৰ পূৰণৰ অন্তিম দিন ১৫ জুন। সাধাৰণ শ্ৰেণীৰ ছাত্ৰীৰ বাবে ৪৫ শতাংশ আৰু সংৰক্ষিত আসনৰ ক্ষেত্ৰত ৪০ শতাংশ নম্বৰ ধাৰ্য।

## ঘোষণা হ’ল বি বৰুৱা কলেজৰ নামভৰ্তিৰ দিনো। উচ্চতৰ মাধ্যমিকৰ বিজ্ঞান শাখাৰ নামভৰ্তি ১৩ জুনত। ‍BScৰ নামভৰ্তিৰ দিন ১৪ আৰু ১৫ জুন ধাৰ্য। স্নাতক কলা শাখাৰ নামভৰ্তি হ’ব ১৬ আৰু ১৭ জুনত। উচ্চতৰ মাধ্যমিকৰ কলা শাখাৰ নামভৰ্তি ১৯ আৰু ২০ জুনত। BBA, BSc(IT)ৰ নামভৰ্তি হ’ব ২০ জুনত। ৫ জুনৰ পৰা উপলব্ধ হ’ব নামভৰ্তিৰ প্ৰ-পত্ৰ।

## কে চি দাস কমাৰ্চ কলেজৰ নামভৰ্তিৰ দিনো ঘোষণা। উচ্চতৰ মাধ্যমিকৰ নামভৰ্তিৰ দিন ১৫ জুন ধাৰ্য, BComৰ নামভৰ্তিৰ দিন ১৭ জুন, BBAৰ নামভৰ্তিৰ হ’ব ২৩ জুনত, BCAৰ নামভৰ্তিৰ দিন ২৩ জুন ধাৰ্য। প্ৰ-পত্ৰ উপলব্ধ হ’ব ৪ জুনৰ পৰা, প্ৰ-পত্ৰ জমা দিয়াৰ অন্তিম দিন ১০ জুন।

## গুৱাহাটী কমাৰ্চ কলেজৰ নামভৰ্তিৰ দিন ঘোষণা। উচ্চতৰ মাধ্যমিকৰ নামভৰ্তিৰ দিন ১৭ জুন ধাৰ্য। BComৰ নামভৰ্তিৰ দিন ২১ জুন, BBAৰ নামভৰ্তিৰ দিন ২৩ জুন। প্ৰ-পত্ৰ উপলব্ধ হ’ব ২২ জুনৰ পৰা, প্ৰ-পত্ৰ জমা দিয়াৰ অন্তিম দিন ১০ জুন।

## আৰ জি বৰুৱা কলেজৰ নামভৰ্তিৰ দিন ঘোষণা। মহাবিদ্যালয়খনত উচ্চতৰ মাধ্যমিকৰ কলা শাখাৰ নামভৰ্তি হ’ব ২০ জুনত। ২২ জুনত HS বাণিজ্য শাখাৰ নামভৰ্তি। ১৬ জুনত স্নাতক কলা শাখা, ১৯ জুনত স্নাতক বাণিজ্য শাখাৰ নামভৰ্তি। নামভৰ্তিৰ প্ৰ-পত্ৰ উপলব্ধ হ’ব ৫ জুনৰ পৰা। প্ৰ-পত্ৰ জমা দিয়াৰ অন্তিম তাৰিখ ১০ জুন।

## পাণ্ডু কলেজ কৰ্তৃপক্ষয়ো ঘোষণা কৰিছে নামভৰ্তিৰ দিন। HS বিজ্ঞান শাখাৰ নামভৰ্তি হ’ব ১৫ জুনত, ১৭ জুনত HS কলা-বাণিজ্য শাখাৰ নামভৰ্তি। আনহাতে, ১৬ জুনত হ’ব BScৰ নামভৰ্তি, স্নাতক কলাৰ নামভৰ্তি হ’ব ১৯ জুনত। ৩ জুনৰ পৰা উপলব্ধ হ’ব প্ৰ-পত্ৰ, প্ৰ-পত্ৰ দাখিলৰ অন্তিম দিন ১৩ জুন।

Related Articles

Leave a Reply

Close