অসমগুৱাহাটীশীৰ্ষ

গুৱাহাটীৰ বানত সপোনৰ সলিল সমাধি

প্ৰথম খবৰ, গুৱাহাটী: ডিব্ৰুগড়ৰ অমৰাগুৰীৰ যুৱক পিন্টু দাস ৷ ঘৰৰ অৱস্থা বেয়া হোৱা বাবে পঢ়া শেষ নকৰাকৈ সপোন খেদিবলৈ আহিছিল গুৱাহাটীলৈ৷ কিন্তু অতি শোকাৱহ ভাবে কৃত্ৰিম বানত মংগলবাৰে মৃত্যুক আকোঁৱালি ল’লে পিণ্টুৱে৷ ডিব্ৰুগড়ৰ পৰা গুৱাহাটীলৈ আহি আশ্ৰয় লৈছিল কাহিলীপাৰাৰ দক্ষিণগাঁৱৰ আত্মীয় এঘৰত৷ কিন্তু সপোন থানবান হ’ল পৰিয়ালটোৰ৷ জোনালীত উদ্ধাৰ হ’ল পিণ্টুৰ মৃতদেহ৷ বানত সন্ধানহীন হোৱা যুৱকজনৰ মৃতদেহ উদ্ধাৰ হোৱাৰ পিছত মাছমৰীয়া পিতৃ-মাতৃৰ লগতে দৰিদ্ৰ পৰিয়ালটো শোকত ভাগি পৰিছে।
আমাৰ ডিব্ৰুগড়ৰ সাংবাদিকে জনোৱা মতে, পিণ্টুৰ মাছ মৰীয়া পিতৃয়ে অতি কষ্টেৰে পোহপাল দিছিল পৰিয়ালটোক, বাইশ বছৰ বয়সৰ পিণ্টুৱে দুখ বুজি উঠিছিল পিতৃৰ৷ সেইবাবে, স্নাতক ডিগ্ৰী শেষ নৌহওতেই পৰিয়ালৰ বাবেই কাম এটা বিচাৰি ঢাপলি মেলিছিল গুৱাহাটীলৈ।কিন্তু সপোন সপোন হৈয়ে ৰ’ল পিণ্টুৰ৷ মঙ্গলবাৰে ভয়ংকৰ কৃত্ৰিম বানৰ সময়ত মাংস কিনিবলৈ ৰুমৰ পৰা ওলাই গৈ বুধবাৰে নিজেই উলটি আহিল মাংসপিণ্ড হৈ৷ ডিব্ৰুগড়ৰ ব্ৰহ্মপুত্ৰৰ অমাৰাগুৰিৰ পিণ্টুৱে মাত্ৰ এমাহ পূৰ্বে গুৱাহাটীৰ এটা ব্যক্তিগত কন্চট্ৰাকচন কোম্পানিত চাকৰি কৰিবলৈ লৈছিল৷ ডিব্ৰু মহাবিদ্যালয়ত বাণিজ্য শাখাৰ চূড়ান্ত বৰ্ষৰ পৰীক্ষাৰ বাবে প্ৰস্তুতি আছিল তাৰ৷ কিন্তু বানে কাঢ়ি লৈ গ’ল সকলো সপোন৷ সপোনৰ অপমৃত্যু কেৱল পিণ্টুৰ নহয়, এটা দৰিদ্ৰ পৰিয়ালৰো৷ এতিয়া পিণ্টুৰ মৃত্যুত কেৱল কান্দোনৰ ৰোল গুৱাহাটীতো, ডিব্ৰুগড়তো৷

Related Articles

Leave a Reply

Your email address will not be published. Required fields are marked *

Close