অসম

গোপালঘাত দলঙৰ নিলগত পৰিত্যক্ত অৱস্থাত উদ্ধাৰ অচিনাক্ত স্কুতি

প্ৰথম খবৰ, বটদ্ৰৱা: বৰিবজাৰ আৰক্ষী থানাৰ অন্তৰ্গত তথা দলংঘাট বজাৰৰ পৰা প্রায় ৫০ মিটাৰ নিলগৰ সোনাই নৈৰ ওপৰত থকা গোপালঘাত দলঙৰ নিলগত আজি পুৱাই পৰিত্যক্ত অৱস্থাত উদ্ধাৰ হোৱা এখন অচিনাক্ত স্কুতিয়ে অঞ্চল জুৰি এক তীব্ৰ চাঞ্চল্যৰ সৃষ্টি কৰে। প্ৰাপ্ত খবৰ মতে, আজি পুৱা পথাৰলৈ বুলি আগবঢ়া কেইজনমান খেতিয়কে প্ৰথমে ঘটনাটো প্ৰত্যক্ষ কৰে। খন্তেক পিছতে বহুসংখ্যক লোকে ঘটনাস্থলীত উপস্থিত হৈ স্কুতি খনৰ লগতে কেইটামান বিলাতী সুৰাৰ বটলৰ লগতে এযোৰ চেণ্ডেল প্ৰত্যক্ষ কৰে।উপস্থিত ৰাইজে তৎকালীনভাৱে বৰিবজাৰ আৰক্ষীক ঘটনা সম্পৰ্কে অৱগত কৰাত আৰক্ষীৰ এটা দল উপস্থিত হৈ এটা দ’ খাৱৈৰ পৰা স্কুতিখন উদ্ধাৰ কৰাৰ লগতে বটল আৰু চেণ্ডেল কেইজুৰ জব্দ কৰি লৈ যায়। আৰক্ষী সূত্ৰই জনোৱা মতে ৰাতিৰ ভাগত কোনো লোকে সেই ঠাইত সুৰামত্ত অৱস্থাত কাজিয়াত লিপ্ত হৈ তাৰ পৰা পলায়ন কৰে বুলি সন্দেহ প্ৰকাশ কৰিছে। তদুপৰি উপস্থিত ৰাইজে ঘটনা সংক্ৰান্তত পৃথক ভাষ্য প্ৰদান কৰে। কাজিয়া আৰু গধুৰ সামগ্ৰী চুচৰাই নিয়াৰ চিন স্পষ্ট ৰূপত প্ৰকাশ পোৱা ঠাই খনত হয়টো হত্যাৰ দৰে ঘটনা সংঘটিত কৰি কাষৰে সোনাই নৈত উটুৱাই দিয়াৰ সন্দেহো প্ৰকাশ কৰে উপস্থিত ৰাইজে। লগতে বৰিবজাৰ আৰক্ষী থানাৰ পৰা মাত্ৰ কেই কিলোমিটাৰ মান নিলগত অৱস্থিত দলংঘাটৰ দৰে এখন সদায় ব্যস্ত ঠাইত আৰক্ষীৰ লোকৰ কোনো ধৰণৰ পহৰাৰ ব্যৱস্থা নথকাৰ ফলতেই ক্ৰমাৎ এনেবোৰ দুৰ্ভাগ্যজনক ঘটনা দীৰ্ঘদিন ধৰি সংঘটিত হৈ আছে বুলি ৰাইজে জানিব দিয়ে আৰু আৰক্ষীৰ এনে নিৰ্লিপ্ত ভূমিকাক তীব্ৰ ভাষাৰে গৰিহণা দিয়ে। বাতৰি সংগ্ৰহৰ সময় লৈকে আৰক্ষীয়ে স্কুতি খনৰ গৰাকীৰ কোনো সম্ভেদ উদ্ধাৰ কৰিবলৈ সক্ষম হোৱা নাই যদিও তদন্ত প্ৰক্ৰিয়া অতি ক্ষিপ্ৰ ভাবে চলাই যাব বুলিও আৰক্ষীয়ে সংবাদ মাধ্যমক জানিব দিয়ে। উক্ত ঘটনাক কেন্দ্ৰ কৰি বৰ্তমান সমগ্ৰ অঞ্চলটিত তীব্ৰ চাঞ্চল্য বিৰাজ কৰিছে।

 

Related Articles

Leave a Reply

Close