অসম

গোসাঁইগাঁৱত অস্ত্ৰ সৰবৰাহকাৰী আটক, অস্ত্ৰ উদ্ধাৰ

প্ৰথম খবৰ, গোসাইগাঁও: অসম বংগ সীমান্তৰ গোসাঁইগাঁও মহকুমাৰ হাৰাপুটা সংলগ্ন ৩১ নং ৰাষ্ট্ৰীয় ঘাই পথৰ দাঁতিত আজি এক নিৰ্ভৰযোগ্য তথ্যৰ আঁত ধৰি ভাৰতীয় সেনা বাহিনী আৰু আৰক্ষীৰ যৌথ অভিযানত এজন অস্ত্ৰ ব্যৱসায়ীক আটক কৰিবলৈ সক্ষম হয়। ধৃত যুৱকজন পশ্চিমবংগৰ হাসীমাৰা স্থিত চাটালী চাহ বাগিচাৰ নিৱাসী প্ৰতাপ উৰিয়াৰ পুত্ৰ অমিত উৰিয়া(২৮) বুলি সদৰি কৰিছে ৷ যুৱক জনৰ পৰা এটা ৭.৬৫ এম এম পিষ্টল, দুটা মেগজিন আৰু মোবাইল ফোন অভিযানকাৰীৰ দলটোৱে জব্দ কৰে ৷ ইয়াৰ পূৰ্বেও অস্ত্ৰ সৰবৰাহৰ গোচৰত জেলত খাতি আহি পুনৰ অস্ত্ৰ ব্যৱসায়ীত নামি পৰা বুলি আৰক্ষী সুত্ৰত প্ৰকাশ ৷ উল্লেখ্য যে, গোসাঁইগাঁৱৰ আব্বাছ নামৰ যুৱক এজনৰ লগত ফোন যোগে যোগাযোগ কৰি ২০ হেজাৰ টকাৰ বিনিময়ত পিষ্টলটো বিক্ৰীৰ বাবে দাম দৰ ঠিক কৰিছিল আৰু সেই মতে আজি পিষ্টলটো গোটাই দিয়াৰ বাবে এখন বাহন ভাড়াত লৈ হাসীমাৰাৰ পৰা গোসাঁইগাঁৱত উপস্থিত হৈছিল যুৱকজন।

Related Articles

Leave a Reply

Close