অসম
গোসাঁইগাঁৱত মৃতদেহ উদ্ধাৰ

প্ৰথম খবৰ, শ্ৰীৰামপুৰ: গোসাঁইগাঁও মহকুমাৰ শিমলুটাপু আৰক্ষীৰ অন্তৰ্গত অসম- বংগ সীমান্তৰ শিমুলটাপু পি জি আৰ গাঁৱৰ এটি পুখুৰীত আজি দিনৰ তিনি বজাত এজন লোকৰ মৃতদেহ পৰি থকা প্ৰত্যক্ষ কৰে স্থানীয় ৰাইজে। পাছত ঘটনাৰ বিষয়ে শিমুলটাপু আৰক্ষীক অৱগত কৰাত আৰক্ষীয়ে ঘটনাস্থলীত উপস্থিত হৈ পানীৰ পৰা মৃতদেহটো উদ্ধাৰ কৰে। ৩৫/৪০ বছৰীয়া লোকজনৰ এতিয়ালৈ চিনাক্ত হোৱা নাই।