অসম

গোৰেশ্বৰত আক্ৰাছুৰ টায়াৰ জ্বলাই প্ৰতিবাদ: দাহ কৰিলে মূখ্যমন্ত্রীৰ পুত্তলিকা

প্ৰথম খবৰ,গোৰেশ্বৰ:গোৰেশ্বৰত আক্ৰাছুই টায়াৰ জ্বলাই প্ৰতিবাদ সাব্যস্ত কৰিলে। আজিৰে পৰা কোছ ৰাজবংশীক জনজাতিকৰণ, কমতাপুৰৰ দাবীত ২৪ ঘণ্টীয়া অসম বন্ধৰ আহ্বান জনাইছিল আক্ৰাছুৱে। লগতে অসমৰ মূখ্যমন্ত্ৰী সৰ্বানন্দ সোনোৱালৰো প্ৰতিমূৰ্তি দাহ কৰে আজি পুৱা গোৰেশ্বৰত। কেন্দ্ৰীয় চৰকাৰ তথা ৰাজ্য চৰকাৰে নিৰ্বাচনৰ সময়ত দিয়া প্ৰতিশ্ৰুতি পালন নকৰাৰ বাবে এয়া ক্ষোভ।লগতে ট্ৰাইবেল সংঘকো সকিয়নি দিয়ে যে যদি ট্ৰাইবেল সংঘই আক্ৰাছুক জনজাতিকৰণৰ ক্ষেত্ৰত বাধা প্ৰদান কৰে তেন্তে ট্ৰাইবেল সংঘৰ লগত মুকলি সংঘাট কৰিব ৷ আনহাতে হঠাৎ আহ্বান জনোৱা এই বন্ধত সাধাৰণ ৰাইজে যথেষ্ট জীয়াতু ভুগিবলগীয়া হৈছে আৰু একাংশই বন্ধ ৰ বিৰুদ্ধে ক্ষোভ উজাৰিছে।

Related Articles

Leave a Reply

Close