অসম

গোৰেশ্বৰত গ্ৰন্থ উন্মোচনী সভা

প্ৰথম খবৰ, গোৰেশ্বৰ: গোৰেশ্বৰত আজি অনুষ্ঠিত হয় এখন গ্ৰন্থ উন্মোচনী সভা। গোৰেশ্বৰৰ জ্যোতিনগৰৰ নিবাসী সৰুফুলচকী প্ৰাথমিক বিদ্যালয়ৰ প্ৰধান শিক্ষয়ত্রী গোলাপলতা গোস্বামীৰ বিশ্ব সঁফুৰাত মহৎ লোকৰ দিগদৰ্শন নামৰ গ্ৰন্থ খনি উন্মোচন কৰা হয়। ৰামচা প্ৰাথমিক বিদ্যালয়ত অনুষ্ঠিত হোৱা কেন্দ্ৰীয় সভাত গোৰেশ্বৰ প্ৰাথমিক শিক্ষা খণ্ডৰ শিক্ষা বিষয়া নগেন কাকতিয়ে উন্মোচন কৰে গ্ৰন্থখন। একেধাৰে শিক্ষয়িত্রী, কবি, সুলেখিকা গোলাপলতা গোস্বামীয়ে ইয়াৰ বাহিৰেও মহিয়সী(কবিতা পুথি ), নিজান দ্বীপৰ অজান সাধু(সাধুকথা) উজাগৰি শেষ নিশা(কবিতা পুথি ) আৰু প্ৰথম খোজতে অ,আ,ক,খ এই চাৰিওখন গ্ৰন্থ ৰচনা কৰে। উল্লেখ্য যে, গোস্বামীয়ে অসম চৰকাৰৰ ৰাজ্যিক কৃতি শিক্ষয়ত্রী বঁটাও লাভ কৰিছিল।

Related Articles

Leave a Reply

Close