অসম

গোৱালপাৰাত নাম একে হোৱাই কাল হ’ল 

প্ৰথম খবৰ, কৃষ্ণাই: গোৱালপাৰা জিলাত মাত্ৰ নাম একেই হোৱাৰ বাবেই এগৰাকী নিৰপৰাধী মহিলাক বিদেশী সজাই জেলত ৰখা কাৰ্যই সকলোকে হতভম্ব কৰি তুলিছে ৷ ঘটনাটো গোৱালপাৰা জিলাৰ বলবলা অঞ্চলৰ ৷ জানিব পৰা মতে, ২০০৩ চনৰ সীমান্ত আৰক্ষীয়ে দাখিল কৰা এক গোচৰৰ ভিত্তিত বিদেশী ন্যায়াধিকৰণে ফফংগা পাৰ্ট ২ৰ মৰ্জিনা বিবিক অবৈধ বিদেশী সজাই জেললৈ প্ৰেৰণ কৰে ৷ কিন্তু স্থানীয় ৰাইজৰ অভিযোগ মতে , সীমান্ত আৰক্ষীয়ে অভিযোগ দাখিল কৰা মহিলা গৰাকী আচলতে ফফংগা পাৰ্ট ২ ৰ মৰ্জিনা বিবি নহয় ৷ অভিযুক্ত মৰ্জিনা বিবিৰ ঘৰ পাজাবান্ধা গাঁৱতহে ৷ মাত্ৰ নাম একে হোৱা বাবেই ফফংগাৰ মৰ্জিনা জেলত যাব লগীয়া হ’ল ৷ কাকতালীয়ভাৱে পাজাবান্ধাৰ মৰ্জিনা বিবিৰ স্বামীৰ নাম কাদেৰ আলী হোৱাৰ বিপৰীতে জেললৈ প্ৰেৰণ কৰা মৰ্জিনা বিবিৰ স্বামীৰ নামো কাদেৰ আলী পাৰমাণিক ৷ স্থানীয় ৰাইজে দাবী কৰা মতে সীমান্ত আৰক্ষীয়ে গোচৰ ৰুজু কৰাৰ সময়ত জেললৈ প্ৰেৰণ কৰা মৰ্জিনা পিতৃ গৃহতে আছিল আৰু তেওঁৰ বিয়া হৈছিল ২০০৯ চনতহে ৷ যি গৰাকী মৰ্জিনাই ২০১৬ চনত প্ৰথম ভোটদান কৰে ৷ তেনে ক্ষেত্ৰত ভালদৰে বিচাৰ আচাৰ নকৰাকৈ মাত্ৰ নাম একে হোৱা বাবেই নিৰ্দোষী মহিলা এগৰাকীক বিবেশী সজাই জেলত ৰখা কাৰ্যই ৰাইজক ক্ষোভিত কৰি তুলিছে ৷ ৰাইজে অতিশীঘ্ৰে বিচাৰ প্ৰক্ৰিয়া পুণঃৰীক্ষন কৰি প্ৰকৃত দোষীক শাস্তি প্ৰদান কৰি নিৰ্দোষী মৰ্জিনাক জেলৰ পৰা মুক্তি দিবলৈ দাবী জনাইছে ৷

 

Related Articles

Leave a Reply

Your email address will not be published. Required fields are marked *

Close