অসম

গোৱালপাৰাৰ বগুৱানত বিষ্ণুৰাভা দিৱস উদযাপনৰ প্ৰস্তুতি

প্ৰথম খবৰ,বগুৱান: গোৱালপাৰা দটজিলাৰ বগুৱান আঞ্চলিক ছাত্ৰ সন্থা আৰু বগুৱান অভিযাত্ৰী সংঘৰ উদ্যোগত বিষ্ণুৰাভা দিৱসৰ দিনা অৰ্থাৎ ২০ জুনত বৰ্ণিল কাৰ্য ক্ৰমণিকাৰে বিষ্ণুৰাভা দিৱসৰ প্ৰস্তুতি চলাইছে আয়োজক গোষ্ঠীয়ে । কাৰ্যসূচী অনুসৰি পুৱা ৯ বজাত সদৌ অসম ছাত্ৰ সন্থাৰ পতাকা উত্তোলন , ৯-১৫ বজাত অভিযাত্ৰী সংঘৰ পতাকা উত্তোলন, ৯-৪৫ বজাত বিষ্ণুৰাভাৰ প্ৰতিচ্ছবিত মাল্যাৰ্পণ, বিষ্ণুৰাভাৰ ওপৰত বক্তৃতা অনুষ্ঠানৰ লগতে বিষ্ণু সংগীত পৰিবেশনৰে বিষ্ণুৰাভা দিৱস উদযাপন কৰিবলৈ লৈছে। উল্লেখ্য যে এই দিৱসৰ লগত সংগতি ৰাখি আয়োজক সমিতিয়ে কৃতি ছাত্ৰ ছাত্ৰীক সম্বর্ধনা জনোৱা হব বুলি জানিবলৈ দিছে।

Related Articles

Leave a Reply

Close