অসম

গো মাংস কটাক লৈ সংঘাত: আহত দুই মহিলা

প্ৰথম খবৰ,বিশ্বনাথ চাৰিআলি: বিশ্বনাথত আজি গো মাংস কটাক লৈ সংঘটিত হয় এক উত্তপ্ত পৰিবেশৰ। বিশ্বনাথৰ ধূলি গাওঁ পঞ্চায়তৰ ২নং দিৰিং পথাৰ গাওঁৰ আহমদ আলি নামৰ ব্যক্তি জনৰ ঘৰত গো হত্যা কৰি গো মাংস কাটি থকাৰ খবৰ স্থানীয় মহিলা কেইগৰাকীমানে লাভ কৰাত গাওঁত সামাজিক পৰিৱেশ নষ্ট হোৱাৰ আশংকাত গো মাংস কাটি থকাত বাধা প্ৰদান কৰিবলৈ আহমদ আলি নামৰ ব্যক্তি জনৰ ঘৰলৈ যায়। কিন্তু মহিলা কেইগৰাকীয়ে বাধা প্ৰদান কৰাত আহমদ আলিয়ে দাৰে ঘপিয়াই মহিলা কেইগৰাকীক আক্ৰমণ কৰে। আক্ৰমণত ভন্টি মল্লিক আৰু বুদ্ধেশ্বৰী গোস্বামী নামৰ দুগৰাকী মহিলা আঘাতপ্ৰাপ্ত হয়। স্থানীয় ৰাইজে ঘটনাস্থলীত উপস্থিত হৈ মহিলা দুগৰাকীক উদ্ধাৰ কৰি চিকিৎসাৰ বাবে বিশ্বনাথ চাৰিআলি অসামৰিক চিকিৎসালয়লৈ প্ৰেৰণ কৰিছে আৰু আহত ভন্টি মল্লিকৰ অৱস্থা সংকটজনক হোৱা বাবে উন্নত চিকিৎসাৰ বাবে তেওঁক তেজপুৰলৈ প্ৰেৰণ কৰা হৈছে। আনহাতে ঘটনা সংঘটিত কৰা আহমদ আলি বৰ্তমান পলাতক অৱস্থাত আছে। ঘটনাস্থলীত বিশ্বনাথ জিলাৰ উচ্চ পৰ্যায়ৰ আৰক্ষী বিষয়াৰ লগতে উপস্থিত হৈছে জিলা প্ৰশাসনৰ লোক। স্থানীয় ৰাইজে অতি শীঘ্ৰে দোষীক কৰায়ত্ত কৰাৰ দাবী তুলিছে আৰু সমগ্ৰ অঞ্চলটোতে বিৰাজ কৰিছে চেপা উত্তেজনাই।

Related Articles

Leave a Reply

Your email address will not be published. Required fields are marked *

Close