অসম

গৌৰীসাগৰ আৰক্ষীৰ সাফল্য, চাৰিঙৰ চুৰি মটৰ চাইকেল উদ্ধাৰ কৰিলে নাগালেণ্ডত

প্ৰথম খবৰ, দিখৌমুখ: শিৱসাগৰ জিলাৰ গৌৰীসাগৰ আৰক্ষী থানাৰ অন্তৰ্গত বিভিন্ন এলেকাত সময়ে সময়ে সংঘটিত হৈ থকা গাড়ী চুৰি ঘটনাৰ বিৰুদ্ধে গৌৰীসাগৰ আৰক্ষীয়ে অভিযান অব্যাহত ৰাখিছে৷ এইক্ষেত্ৰত বহুসময়ত সফলতা অৰ্জন কৰা সংশ্লিষ্ট আৰক্ষীয়ে শেহতীয়াকৈ এখন চুৰি মটৰ চাইকেল বিশেষ তৎপৰতাৰে নাগালেণ্ডৰ পৰা উদ্ধাৰ কৰিবলৈ সক্ষম হৈছে৷ ঘটনাৰ বিৱৰণী অনুসৰি যোৱা ২৮ মে’ত সংশ্লিষ্ট আৰক্ষী থানাৰ অন্তৰ্গত চাৰিং মলখুবচা গাৱঁৰ পৰা এ এছ ০৪ কিউ ১৯১৪ নম্বৰৰ এখন পালচাৰ মটৰ চাইকেল চোৰে চুৰি কৰি নিছিল৷ নিমনাগড়ৰ বুলেন খনিকৰ নামৰ ব্যক্তিজনৰ উক্ত মটৰ চাইকেল খন তেওঁৰ পুত্ৰই মলখুবচাৰ পেহাক নীল গগৈ ঘৰত ফুৰিবৰ বাবে ২৭ মে’ৰ দিনা লৈ অহিছিল৷ কিন্তু ২৮ মে’ৰ দিনা গধুলি নীল গগৈ ঘৰৰ কাষৰে বিশ্বজিত গগৈ নামৰ যুৱক জনৰ ঘৰত অনুস্থিত হোৱা ধৰ্মীয় অনুস্থানলৈ যোৱাৰ পিছতে বিশ্বজিত গগৈয়ে বুলেন খনিকৰৰ পুত্ৰৰ পৰা আমগুৰিৰ পৰা আহোঁ বুলি মটৰ চাইকেল খন লৈ গৈ সেইদিনা ঘুৰি নাহিল৷ পিছদিনা বিশ্বজিত গগৈয়ে আহি নাগালেণ্ডৰ কেইজনমান যুৱকে আমগুৰিত পথৰ ওপৰৰ পৰাই মটৰ চাইকেল খন কাঢ়ি লৈ যোৱা বুলি বুলেন খনিকৰৰ পুত্ৰক জনোৱাত ঘটনাৰ বিষয়ে জানিব পাৰি বুলেন খনিকৰে গৌৰীসাগৰ আৰক্ষী থানাত এখন এজাহাৰ দাখিল কৰে৷ উক্ত এজাহাৰৰ ভিত্তিত আৰক্ষীয়ে ভাৰতীয় দণ্ডবিধিৰ ৩৭৯ নম্বৰ ধাৰাত ১০১/২০১৭ নম্বৰৰ গোচৰ ৰুজু কৰি বিশ্বজিত গগৈক আটক কৰাৰ লগতে ঘটনা সন্দৰ্ভত তদন্ত আৰম্ভ কৰে৷ পৰৱৰ্তী সময়ত ধৃত বিশ্বজিত গগৈৰ স্বীকাৰোক্তিৰ ভিত্তিত সংশ্লিষ্ট আৰক্ষীয়ে নাগালেণ্ড আৰক্ষীৰ সহযোগত নাগালেণ্ডৰ তুলী পেপাৰ মিলৰ কাষৰ পৰা মটৰ চাইকেল খন উদ্ধাৰ কৰিবলৈ সক্ষম হয়৷ ইফালে ধৃত বিশ্বজিত গগৈকো ইতিমধ্যে আৰক্ষীয়ে জেললৈ প্ৰেৰণ কৰাছে বুলি জানিব পৰা গৈছে৷

Related Articles

Leave a Reply

Your email address will not be published. Required fields are marked *

Close