শেহতীয়া
Home / গেলেৰী / ফটো ফিচাৰ / গ্লেমাৰ গাৰ্ল যুথিকা

গ্লেমাৰ গাৰ্ল যুথিকা

গৌতম হাজৰিকা

গ্লেমাৰ গাৰ্ল। তেওঁৰ নাম যুথিকা ভূঞা। প্ৰতিযোগিতাৰ দৌৰত তেওঁ নিজকে প্ৰতিস্থা কৰিছে এগৰাকী সফল মডেল হিচাপে। শোণিতপুৰ জিলাৰ ঢেকীয়াজুলিৰ খগেন ভূঞা আৰু  দ্বীপা ভূঞাৰ দুহিতা জ্যোতিকাৰ মন নিজৰ ৰূপ লাৱণ্যৰে জগত জিনা। সৰুতেই বুকুত থিতাপি লোৱা সেই সপোনৰ হাতত ধৰি এদিন তেওঁ আহিল গুৱাহাটীলৈ। গুৱাহাটী বিশ্ববিদ্যালয়ৰ সাংবাদিকতা আৰু গণ সংযোগ বিভাগত নাম ভৰ্তি কৰি পঢ়াৰ লগতে চলাই গ’ল তেওঁ সৌন্দর্য চৰ্চা। কম দিনতে যুথিকাই ৰেম্পত দেখুৱালে নিজৰ ৰূপ যৌৱনৰ যাদু। নৰ্থ ইষ্ট ফেশ্বন উইক ইটানগৰ ২০১৫, ব্লিটজক্ৰেইগ ২০১৪, ৱাকিং টল হৈছে যুথিকাৰ কেইটামান উল্লেখ্য ৰেম্প শ্ব’। চাওঁ পৰাণ গগৈ, পঞ্চি বৰা, সন্ধ্যা কাশ্যপ আদিৰ হাতৰ পৰশত ৰেম্পত উজ্বলি উঠিল যুথিকাৰ ৰূপ যৌৱন আৰু প্ৰতিভা।

খোলা মনৰ ফূৰ্তিবাজ ছোৱালী মৰমলগা যুথিকাই নিজৰ অভিনয় প্ৰতিভা দেখুৱালে জনপ্ৰিয় ধাৰাবাহিক বেহাৰবাৰী আউটপ’ষ্টৰ জৰিয়তে। জ্যোতিকাৰ মতে, আত্মবিশ্বাস  সফলতাৰ মূল মন্ত্ৰ ।

নিজকে ৰূপ গুণেৰে ধুনীয়া কৰি ৰখা যুথিকাই বিচাৰে মডেলিং জগতত নিজৰ সুকীয়া পৰিচয় হওক। তাৰ বাবে তেওঁ কৰি  আহিছে সদায় চেষ্টা ।  বুদ্ধিদীপ্ত জ্যোতিকাৰ যুথিকা প্ৰতিখন ৰেম্প শ্ব’ত উজ্বলি উঠক, তাকেই কামনা কৰা হ’ল।

Leave a Reply

Your email address will not be published. Required fields are marked *

*