শীৰ্ষৰাষ্ট্ৰীয়

গৰু বচাবলৈ আৰক্ষীৰ গাড়ীয়ে মহতিয়াই নিলে মহিলাক, থিতাতে নিহত এগৰাকী, আহত তিনিজন

 

নিউজ ডেক্স, প্ৰথম খবৰঃ সময় তেতিয়া দুপৰীয়া। খৰখেদাকৈ আৰক্ষীৰ এখন জীপ চলাই গৈছিল এজন আৰক্ষীতেই কৰ্মৰত চালকে। তীব্ৰগতিত গাড়ী চলাই নিয়া গাড়ীৰ সন্মুখত হঠাত আৱিৰ্ভাৱ হৈছিল এটা গৰুৰ। গৰুটোক খুন্দিওৱাৰ পৰা ৰক্ষা কৰিবলৈ চালকজনে ষ্টেৰিয়াং ঘূৰাই দিছিল। কিন্তু তাতেই ঘটিল অঘটনটো।আৰক্ষীৰ গাড়ীচালকজনে গৰুটো ৰক্ষা কৰিলে ঠিকেই। কিন্তু পথৰ কাষত ৰৈ থকা চাৰিজনকৈ লোকক খুন্দিয়াই সৃষ্টি কৰিলে এক ভয়ানক পৰিৱেশৰ। মূহূৰ্তৰ ভিতৰতে আৰক্ষীৰ লোকজনৰ জীপৰ খুন্দাত থিতাতে সিপুৰী পালেগৈ এগৰাকী ৬০ বছৰীয়া বৃদ্ধা। বৃদ্ধাগৰাকীৰ নাম উষা দেৱী। আনহাতে, খুন্দাত আহত আন তিনিজন লোকক নিকটৱৰ্তী চিকিৎসালয়ত ভৰ্তি কৰোৱা হয়। এই ঘটনা উত্তৰ প্ৰদেশৰ বেলৰামপুৰৰ। আমাৰ দেশত প্ৰায় প্ৰতিদিনেই গড়ে প্ৰায় চাৰিশৰো অধিক লোক দূৰ্ঘটনাত মৃতু॥মুখত পৰে। এইবাৰ এটা গৰুৰ প্ৰাণৰক্ষা কৰিবলৈ গৈ এনেদৰে চাৰিগৰাকী লোক হতাহত হোৱা ঘটনা খুবেই চৰ্চিত হৈছে সংবাদমাধ॥মত। ইপিনে, দূৰ্ঘটনা সংঘটিত কৰা চালকজনক গ্ৰেপ্তাৰ কৰি তেওঁৰ বিৰুদ্ধে গোচৰ ৰুজু কৰা হৈছে।

Related Articles

Leave a Reply

Your email address will not be published. Required fields are marked *

Close