অসম

চাংসাৰিৰ পৰা অপহৃতত ট্ৰাকৰ সামগ্ৰী বৰপেটাত উদ্ধাৰ: ধৃত ২

প্ৰথম খবৰ,বহৰি: যোৱা ৯ জুনত আই টি চিৰ সামগ্ৰী ভৰ্তি কোকৰাঝাৰ অভিমুখী ট্ৰাক এখন দুৰ্বৃত্তই অপহৰন কৰাৰ পিছত চাংসাৰি আৰক্ষীয়ে কিছু সামগ্ৰী উদ্ধাৰ কৰাৰ লগতে দুজনক আটক কৰিছে ৷ ৯ জুনত আই টি চিৰ ট্ৰাক অপহৰন সন্দৰ্ভত চাংসাৰি থানাত এজাহাৰ দাখিল কৰে আই টি চিৰ বিষয়াই ৷ এই সন্দৰ্ভত চাংসাৰি থানাৰ ভাৰপ্ৰাপ্ত বিষয়া উপেন কলিতাই ক্ষীপ্ৰ তদন্তৰে ১১ জুনত বৰপেটাৰ সৰ্থেবাৰী থানাৰ অন্তৰ্গত কুকাৰপাৰত ১২৬ কাৰ্টুন সামগ্ৰী সহ জোনাব আলী নামৰ এজনক আটক কৰিছিল ৷ পুনৰ আৰক্ষী বিষয়াজনে কালি অনুসন্ধান চলাই বৰপেটা থানাৰ অন্তৰ্গত ৰাধাকুছিত মহ: আক্ৰাম আলী নামৰ লোকজনক গ্ৰেপ্তাৰ কৰিবলৈ সক্ষম হয় ৷ আক্ৰাম আলীৰ স্বীকাৰোক্তিৰ ভিত্তিত কাষৰে ছিকাৰভিঠাৰ পৰা প্ৰায় ৪ লাখ ৫০ হাজাৰ টকা মূল্যৰ সামগ্ৰী উদ্ধাৰ কৰিবলৈ সক্ষম হয় ৷ আনহাতে আজি পুনৰ হাউলীৰ পৰা প্ৰায় ১২ লাখ টকা মূল্যৰ ২৫ কাৰ্টুন চিগাৰেট উদ্ধাৰ কৰে চাংসাৰি আৰক্ষীয়ে ৷ প্ৰকাশ্যযে ৯ জুনৰ দিনা আই টি চিৰ প্ৰায় ২৫ লাখ টকা মূল্যৰ সামগ্ৰী সহ ট্ৰাকখন হাইজেক কৰিছিল দুস্কৃতিকাৰীয়ে ৷

Related Articles

Leave a Reply

Your email address will not be published. Required fields are marked *

Close