অসম

চামগুৰিত বাইক চুৰি চক্ৰ আটক

প্ৰথম খবৰ,বঢ়মপুৰ: চামগুৰি আৰক্ষীৰ অভিযানত নিশা উৎখাত বৃহৎ বাইক চুৰি চক্ৰ। দুখন পালচাৰ বাইক সহ গ্ৰেপ্তাৰ চাৰিটাকৈ দূধৰ্ষ বাইক চোৰ। নগাঁও সদৰৰ পৰা ধৃত হবিবুৰ ৰহমান, নগাওঁ জুৰীয়াৰ পৰা ধৃত মনিৰুল ইছ্লাম আৰু আচাদ আলী, ইফালে চামগুৰি বাজিয়া গাঁৱৰ পৰা ধৃত বাবুল হুছেইন। চামগুৰিকে ধৰি নগাঁৱৰ বিভিন্ন ঠাইত সংঘটিত বহু কেইখন বাইক চুৰিৰে সন্ত্ৰাসৰ সৃষ্টি কৰিছিল চক্ৰটোৱে। ধৃত আটাইকেইটাকে চামগুৰি আৰক্ষী থানাত তীব্ৰ জেৰা অব্যাহত ৰাখিছে আৰক্ষীয়ে।

Related Articles

Leave a Reply

Close