অসম

চামগুৰিত বিজেপিৰ লাওঁখোৱা মণ্ডলৰ ইফটাৰ ও দোৱা

প্ৰথম খবৰ,  চামগুৰি: নগাঁও জিলাৰ চামগুৰি সমষ্টিৰ অন্তৰ্গত কাঠপাৰা হাইস্কুল খেল পথাৰ প্ৰাঙ্গনত ৰমজান মাহ উপলক্ষে সমূহীয়া ইফটাৰ আৰু দোৱা কাৰ্যসূচী অনুষ্ঠিত হৈ যায়। ভাৰতীয় জনতা পাৰ্টিৰ সংখ্যালঘু মৰ্চা আৰু লাওঁখোৱা মণ্ডলৰ সহযোগত অনুষ্ঠিত হোৱা ইফটাৰ আৰু দোৱাত অংশ লয় অসম ৰাজ্যিক পাঠ্যপুঠি প্ৰণয়ন আৰু প্ৰকাশন নিগমৰ উপাধ্য জিতু গোস্বামীয়ে । লগতে উপস্থিত থাকে কলিয়াবৰ জিলা বিজেপিৰ কোষাধ্যক্ষ পাৰ্থপ্ৰতিম হাজৰিকা, সাধাৰণ সম্পাদক ফকৰুদ্দিন আলী, বিজেপি সংখ্যালঘুমৰ্চাৰ বাজিয়া মণ্ডলৰ সভাপতি হাচেন আলী। উক্ত ইফটাৰ আৰু দোৱা অনুষ্ঠানটিত হাজাৰৰো অধিক লোকে অংশগ্ৰহণ কৰে।

Related Articles

Leave a Reply

Close