অসম

চামগুৰিৰ ভৰাগুৰিত বন্যহস্তীৰ উপদ্ৰৱ, হাতী খেদোৱাত ব্যৰ্থ বন-বিভাগ

প্ৰথম খবৰ,পুৰণিগুদাম: বৰ্তমান ৰাজ্যখনৰ বিভিন্ন স্থানৰ লগতে নগাঁৱত দিনক-দিনে বৃদ্ধি পাইছে হাতী আৰু মানুহৰ সংঘাত৷ নগাঁও- কাৰ্বিআংলং জিলাৰ সীমান্তৱৰ্তী পাহাৰত থকা মূল্যবান গছ- গছনিসমূহ একাংশ বন-বিষয়া- কৰ্মচাৰীৰ সৈতে গোপন মিতিৰালি কৰি চোৰাং কাঠ ব্যৱসায়ীয়ে কাটি তহিলং কৰাৰ বাবে খাদ্য আৰু বাসস্থানৰ অভাৱত পাহাৰৰ পৰা ভৈয়ামলৈ নামি আহিছে জাকে-জাকে বনৰীয়া হাতী৷ খাদ্যৰ সন্ধানত বনৰীয়া হাতীয়ে মানুহৰ লগত সহাৱস্থান কৰাত বাৰুকৈয়ে সমস্যাত পৰিছে গঞা ৰাইজ৷ জিলাখনৰ শালনা বনাঞ্চলিক বিষয়া কাৰ্যালয়ৰ অধীনৰ চাপানালা খণ্ড বন বিষয়া কাৰ্যালয়ৰ অন্তৰ্গত কুৰিখনৰো অধিক গাঁৱত বন্যহস্তীয়ে তাণ্ডৱ চলাই ৰাইজৰ নিদ্ৰাহৰণ কৰাত ৰাইজ অতিষ্ঠ হৈ পৰিছে৷ বিশেষকৈ চামগুৰি সমষ্টিৰ অন্তৰ্গত ১ নং ভৰাগুৰি, 2 নং ভৰাগুৰি, পামগাঁও, ডিলকাবস্তী, ব’ৰদল, পদুমণি আদিকে ধৰি কেইবাখনো গাঁৱত বনৰীয়া হাতীয়ে উপদ্ৰৱ চলাই খেতিপথাৰ, বাৰীৰ শস্য, ফল-মূল, পাচলি,ৱকলগছ, নাৰিকল গছ আদি খাই ভাঙি-ছিঙি তহিলং কৰাৰ লগতে ঘৰ-দুৱাৰ আদি ভঙাৰ পাছতো বন বিভাগে হাতী খেদোৱাৰ ব্যৱস্থা নকৰাত ৰাইজ ক্ষোভিত হৈ পৰিছে৷ স্থানীয় ৰাইজে জেৰ-টিং বজাই, ফটকা ফুটাই বনৰীয়া হাতী খেদাবলৈ চেষ্টা কৰে যদিও এইবোৰলৈ কোনো কেৰেপ নকৰে বন্যহস্তী়য়ে৷ প্ৰতি নিশাৰ দৰে আজি নিশাও ভৰাগুৰিত এটা প্ৰকাণ্ড বনৰীয়া হাতীয়ে তাণ্ডৱ চলায়৷ ইফালে, বনৰীয়া হাতীৰ উপদ্ৰৱ অব্যাহত থকাৰ পাছতো বন বিভাগে হাতী খেদাবলৈ কোনো ধৰনৰ ব্যৱস্থা নকৰাত স্থানীয় ৰাইজ বন বিভাগৰ ওপৰত ক্ষোভিত হৈ পৰিছে৷ বন বিভাগ হাতী খেদাবলৈ নহাৰ লগতে হাতী খেদোৱাত বন বিভাগ ব্যৰ্থ হৈছে বুলি স্থানীয় ৰাইজে অভিযোগ কৰিছে৷ বন বিভাগক অতি সোনকালে বনৰীয়া হাতী খেদাই হাতী-মানুহৰ সংঘাত দূৰ কৰিবলৈ স্থানীয় ৰাইজে বন বিভাগক দাবী জনাইছে৷

Related Articles

Leave a Reply

Your email address will not be published. Required fields are marked *

Close