অসম

চিকিৎসক হৈ গাঁৱৰ লোকক সেৱা কৰাৰ সপোন মেধাৱী ছাত্ৰী ছাৰ্জিনাৰ

প্ৰথম খবৰ, মানিকপুৰ: একাগ্ৰতা, ইচ্ছাশক্তি থাকিলে  দৰিদ্ৰতাক নেওচি যে সফলতা অৰ্জন কৰিব পাৰি তাকে প্ৰমাণ কৰি দেখুৱালে ছাৰ্জিনা বেগমে। সদ্য ঘোষিত হাইস্কুল শিক্ষান্ত পৰীক্ষাত ৫ বিষয়ত লেটাৰ নম্বৰ লৈ সুখ্যাতিৰে উত্তীৰ্ণ হোৱা সৰভোগৰ গেল্লি পাৰাৰ মেধাবী ছাত্ৰী ছাৰ্জিনা বেগম এতিয়া গাঁওখনৰ গৌৰৱ। ইংৰাজী, গণিত, ঐচ্ছিক গণিত, বিজ্ঞান, অসমীয়া বিষয়ত লেটাৰ নম্বৰ লৈ উত্তীৰ্ণ হোৱা ছাৰ্জিনাক লৈ গৌৰৱ কৰিছে বৰনগৰ ছোৱালী হাইস্কুল নামৰ চৰকাৰী বিদ্যালয়খনে। কিন্তু সফলতা লাভ কৰিও ছাৰ্জিনাই আজি কান্দিছে।সুবিধা পালে আৰু ভাল ৰিজাল্ট কৰিব পাৰিলেহেতেন। দুখীয়া মা দেউতাৰ একমাত্ৰ ছোৱালী  ছাৰ্জিনাৰ নাই পঢ়া কোঠালি, নাই টেবুল চকী। সময় মতে পোৱা নাই কাগজ কলম, কিতাপ পত্ৰ। পোৱা নাই কোনো ঘৰুৱা শিক্ষকৰ সুবিধা। আনকি দুবেলা দুমুঠি খাবলৈ পোৱাটোও আছিল কষ্টকৰ। দেউতাক সাজাহান আলী ফুট পথৰ এজন ফল মূলৰ দোকানী। বেমাৰত ভুগি আছে ছাৰ্জিনাৰ দেউতা। কোনো মতে পৰিয়ালটোক লালন পালন কৰিছে। কেতিয়াবা খাইছে কেতিয়াবা অনাহাৰে পাৰ কৰিছে দিন। তথাপিতো হাৰ মনা নাই মেধাবী ছাত্ৰী ছাৰ্জিনা। একাগ্ৰতাৰে, প্ৰবল ইচ্ছাশক্তিৰে সসয়ৰ লগত যুঁজি যুঁজি আগবাঢ়িছে এই ছাত্ৰী জনী। বুকুত বান্ধি লৈছে ব্যতিক্ৰমী আশা। এগৰাকী সুচিকিৎসক হোৱাৰ আশা। চাৰিওফালে পিছ পৰি থকা নিজৰ গাঁওখনৰ লগতে আন আন গাঁৱৰ লোক সকলক চিকিৎসা সেৱা আগবঢ়োৱাৰ মন। গাঁওখনক এৰি চহৰ মুখি হোৱাৰ বিপৰীতে গাঁৱৰ চিকিৎসক হ’ব বিচাৰে ছাৰ্জিনা। কিন্তু তাইৰ বাবে সম্ভৱ হৈ উঠিব নে? উন্নত শিক্ষানুষ্ঠানত নাম ভৰ্তিৰ বাবে অৰ্থৰ অভাৱ। চৰকাৰ প্ৰশাসন, বিধায়ক, অনুষ্ঠান প্ৰতিষ্ঠানে তাইৰ সপোন পুৰণ কৰাত সহায় কৰিব নে? নে চকুলোৰ সৈতে শেষ হৈ যাব ছাৰ্জিনাৰ সোনালী সপোন। এজনী দুখীয়া মেধাৱী ছাত্ৰীক সহায় কৰিবলৈ মাক দেউতাকে কাতৰ আহ্বান জনাইছে।

Related Articles

Leave a Reply

Close