অসমশীৰ্ষ

চিন্তামণিগড়ৰ এক বৃদ্ধ দম্পতীৰ কৰুণগাঁথা: শয্যাগত পত্নীৰ পৰিচয্যাত বৃদ্ধ স্বামী, গোহালী সদৃশ ঘৰত বসবাস 

প্রথম খবৰ, জাঁজী: যোৰহাট জিলাৰ টীয়ক বিধান সভা সমষ্টিৰ ঐতিহাসিক চিন্তামনিগড়। আহোম ৰাজত্বৰ এক আপুৰুগীয়া কীৰ্তিচিহ্ন এই চিন্তামণিগড়ৰ সমীপৰে এক বৃদ্ধ দম্পতীৰ কৰুণ কাহিনীয়ে হয়তো আপোনাৰো চকু সেমেকাই তুলিব। অঞ্চলটোৰ নাওঁবৈছা গাঁৱৰ মহেন্দ্ৰ তামূলী আৰু তেওঁৰ পৰিবাৰ শুৱলা তামূলী কেও কিছু নোহোৱা এক বৃদ্ধ দম্পতী। স্বামী মহেন্দ্ৰ তামূলীৰ বয়স প্রায় ৭২ বছৰ আৰু পত্নী শুৱলা তামূলীৰ বয়স ৬০ বছৰ । বিগত আঢ়ৈ বছৰ ধৰি শয্যাশায়ী পত্নীৰ পৰিচয্যা কৰি আহিছে বৃদ্ধ স্বামীয়ে । বাহঁৰ কেইছলা মান কামি মাটিতে পাৰি শুৱাই ৰখা হৈছে ৰোগীয়া বৃদ্ধা গৰাকীক। পত্নীৰ চিকিৎসা কৰোৱাৰ সামৰ্থ নাই মহেন্দ্ৰ তামূলীৰ । ঔষধৰ নামত দিয়াব পৰা নাই এটা বেজি অথবা এটা টেবলেট। বিষত কোঙা হৈ পৰা আৰু উঠা মেলা কৰিব নোৱাৰা পত্নীক পৰিচয্যা কৰা মহেন্দ্ৰ তামূলীও শাৰিৰীক ভাবে অসুস্থ। স্থানীয় গাঁওবুঢ়াই দিয়া এখন প্ৰমাণ পত্ৰ লৈ ওচৰৰ দুই এক অঞ্চলৰ পৰা ভিক্ষা কৰি অনা সামান্য টকা পইচাৰে কোনোমতে প্ৰাণ ৰক্ষা কৰিছে বৃদ্ধই। দৰিদ্ৰ সীমাৰ তলৰ লোকলৈ আগবঢ়োৱা চাউল এমুঠিৰ বাদে বৃদ্ধ দম্পতীয়ে লাভ কৰা নাই কোনো চৰকাৰী আচঁনিৰ সুবিধা। নাই চৰকাৰী আবাস যোজনা, অনাময় আচঁনি, বিদ্যুৎ যোগান অথবা বৃদ্ধ পেঞ্চনৰ সুবিধা। স্থানীয় পঞ্চায়ত প্ৰতিনিধি, বিধায়ক অথবা সাংসদৰো সময় নাই এই বৃদ্ধ দম্পতীৰ দুৰ্দশাৰ বুজ লোৱাৰ। সংবাদ মাধ্যমৰ আগত অশ্ৰুসিক্ত নয়নেৰে হাতযোৰ কৰি বৃদ্ধ মহেন্দ্ৰ তামূলীয়ে বিধায়ক আৰু সাংসদলৈ বুলি আহ্বান জনালে ” পাৰিলে আমাক উদ্ধাৰ কৰক নহলে মাৰি পেলাওক”। স্থানীয় বিধায়িকা ৰেণুপমা ৰাজখোৱা আৰু সাংসদ কামাখ্যা প্রসাদ তাছাৰ অন্তৰ স্পৰ্শ কৰিবনে এই বৃদ্ধ দম্পতীৰ কৰুণগাঁথাই ?

Related Articles

Leave a Reply

Your email address will not be published. Required fields are marked *

Close