অসম

চেপনত শ্ৰী শ্ৰী জগন্নাথ প্ৰভুৰ ৰথযাত্ৰা আৰম্ভ

প্ৰথম খবৰ,চেপন: সমগ্র বিশ্বৰ বিভিন্ন প্ৰান্তৰ লগতে উজনিৰ ডিব্ৰুগড় জিলাৰ চেপন বেতবাৰী কমলদৈস্থিত শ্ৰী শ্ৰীজগন্নাথ মন্দিৰতো আজিৰে পৰা বাৰ্ষিক ৰথযাত্ৰা কাৰ্যসূচী আৰম্ভ হৈছে। পুৱা দহ বজাৰ পৰা আৰম্ভ হোৱা ৰথযাত্ৰা কাৰ্যসূচীত ধৰ্মগুৰু প্ৰভূ জয় নিতাই দাসে প্ৰভূ জগন্নাথৰ মহিমা আৰু ৰথযাত্ৰাৰ তাৎপৰ্য সম্পৰ্কত ব্যাখ্যা কৰে। অনুষ্ঠানত সুদূৰ থাইলেণ্ডৰ অতিথি ধৰ্মীয় গুৰু মা নিৰ্মলা, মুম্বাইৰ মা সঙ্ঘামিত্ৰাসহ বহুকেইগৰাকী সন্মানীয় ব্যক্তিয়ে ভাগ লয়। উল্লেখযোগ্য যে আজিৰ এই ৰথযাত্ৰা কাৰ্যসূচী মৰাণ খটখটী শিৱ মন্দিৰত বিয়লি সামৰণি পৰিব ৷

Related Articles

Leave a Reply

Close