অসম

চৰাইবাহীৰ সমীপৰ চামুকধৰাত লোমহৰ্ষক হত্যাকাণ্ড, নিজ ভাতৃৰ হাতত প্ৰাণ গ’ল এজনৰ 

প্ৰথম খবৰ, বাৰপূজীয়া: মৰিগাঁও জিলাৰ চৰাইবাহীৰ সমীপৰ তথা মিকিৰভেটা আৰক্ষী থানাৰ অন্তৰ্গত চাবুকধৰাত সংঘটিত হৈছে এক লোমহৰ্ষক হত্যাকাণ্ডৰ ঘটনা। পাৰিবাৰিক কন্দলৰ ফলশ্ৰুতিত জেষ্ঠ ভাতৃৰ হাতত প্ৰাণ গ’ল কনিষ্ঠ ভাতৃৰ। নিহত লোকজনৰ ন‍াম চন্দ্ৰমোহন দেউৰী (৩৫)। ঘটনা সন্দৰ্ভত মিকিৰভেটা আৰক্ষীয়ে আটক কৰিছে হত্যাকাৰী চক্ৰেশ্বৰ দেউৰীক (৫০) । জানিব পৰামতে, যোৱানিশা কোনো কাৰণত দুয়োৰে বাদ-বিবাদহৈ  শেষত হতাহতি পৰ্য্যন্ত হয়গৈ ৷ হতাহতিত জেষ্ঠ ভাতৃ চক্ৰেশ্বৰ দেউৰীয়ে কোনো গধূৰ অস্ত্ৰৰে ভাতৃ চন্দ্ৰমোহন দেউৰীক প্ৰহাৰ কৰাত তেওঁ গুৰুতৰভাৱে অসুস্থ হৈ পৰে। পৰিয়ালৰ লোকে ততাতৈয়াকৈ মৰিগাঁও অসামৰিক চিকিৎসালয়ত চন্দ্ৰমোহন দেউৰীক ভৰ্তি কৰায় যদিও চিকিৎসালয় কৰ্তৃপক্ষই উন্নত চিকিৎসাৰ বাবে গুৱাহাটী চিকিৎসা মহাবিদ্যালয়লৈ প্ৰেৰণ কৰে । অৱশ্যে আজি দুপৰীয়া ভাগত তেওঁ শেষ নিশ্বাস ত্যাগ কৰে ৷ এই ঘটনাই সমগ্ৰ অঞ্চলটোত এক চেপা উত্তেজনাই বিৰাজ কৰিছে৷ ইপিনে, ঘটনা সন্দৰ্ভত মিকিৰভেটা আৰক্ষীয়ে খবৰ পাই হত্যাকাৰী চক্ৰেশ্বৰ দেউৰীক আটক কৰিছে কৰি জেৰা অব্যাহত ৰাখিছে।

Related Articles

Leave a Reply

Your email address will not be published. Required fields are marked *

Close