অসম

জটিল ৰোগত আক্ৰান্ত সৰ্থেবাৰীৰ শিশু সুমন: অৰ্থৰ অভাৱত কৰিব পৰা নাই চিকিৎসা

প্ৰথম খবৰ,সৰ্থেবাৰী: এক জটিল ৰোগত আক্ৰান্ত হৈছে এটি কণমানি। যিটো সময়ত এই শিশুটো আন দহগৰাকী সতীৰ্থৰ সৈতে হাঁহি ধেমালি কৰি দৌৰি ফুৰিব লাগিছিল সেইটো সময়তে দুৰ্ভগীয়া এই শিশুটো হৈ পৰিছে শয্যাসয়ী। সৰ্থেবাৰীৰ কাঁহ শিল্পী তপন ডেকাৰ পুত্ৰ সুমন ডেকা(১২) সম্প্ৰতি এচ এচ পি ই নামৰ এক জটিল ভাইৰাছৰ দ্বাৰা আক্ৰান্ত। উল্লেখ্য যে সৌ সিদিনালৈ সমনীয়াৰ লগত হাঁহি ধেমালি কৰি বিদ্যালয়লৈ অহা যোৱা কৰা সুমন প্ৰায় ডেৰ বছৰ পুৰ্বে এই ৰোগত আক্ৰান্ত হয়। প্ৰথমতে গাটো জিকাৰ খাই উঠিছিল। পৰবৰ্তী সময়ত ভ্ৰম বকিবলৈ আৰম্ভ কৰাত আৰ্থিকভাৱে অতি পিছপৰা তপন ডেকাই সুমনক গুৱাহাটী মেডিকেল কলেজত ভৰ্তি কৰে। বিভিন্ন অসুবিধাৰ বাবে তাৰ পৰা সুমনক ঘৰলৈ লৈ আহে। পিছত পুনৰ ধাৰ ঋণ লৈ উন্নত চিকিৎসা কৰাৰ বাবে লৈ যায় চেন্নাইলৈ । কিন্তু তাত চিকিৎসকে চিকিৎসা দীঘলীয়া হব বুলি কোৱাৰ লগতে চিকিৎসাৰ বাবদ ৪ লাখ টকা ব্যয় হব বুলি কোৱাত উপায়ন্তৰ হৈ ঘৰলৈ উভতাই আনে সুমনক । সম্প্ৰতি মুখেৰে মাতিব নোৱাৰা আৰু খোজ কাঢ়িব নোৱাৰা সুমনক লৈ বিপাঙত পৰিছে এই দুৰ্ভগীয়া পৰিয়ালটো। সুমনক চকুৰ সম্মুখত লৈ চকু পানী টুকাত বাহিৰে আন কোনো উপায় নোহোৱা হৈছে দুৰ্ভগীয়া পৰিয়ালটোৰ। হতভগীয়া সুমন পুনৰ আগৰ দৰে দৌৰি ফুৰিবলৈ লাগে উন্নত চিকিৎসা। অতি দৰিদ্ৰ এই পৰিয়ালটোক কোনো হৃদয়ৱান লোকে সহায় কৰিলে হয়টো এই দুৰ্ভগীয়া পৰিয়ালটোলৈ পুনৰ আহিব আনন্দ। আপোনাৰ অকনমান মৰম আৰু সহাঁৰি পৰিয়ালটোৰ বাবে হৈ পৰিব ভগৱানৰ আশীৰ্বাদ স্বৰূপ।

Related Articles

Leave a Reply

Your email address will not be published. Required fields are marked *

Close