অসম

জাঁজীত ম’ৰেল পুলিচৰ ৰূপত কলেজৰ শিক্ষাৰ্থী: ৰাজহুৱাকৈ প্ৰহাৰ মেজিক চালকক

প্ৰথম খবৰ,জাঁজী: শিৱসাগৰ জিলাৰ জাঁজীত স্থানীয় এখন মহাবিদ্যালয়ৰ একাংশ শিক্ষাৰ্থী মৰেল পুলিচৰ ৰূপত অৱতীৰ্ণ হৈ এজন মেজিক চালকক ৰাজপথৰ ওপৰতে গুৰুলা গুৰুলকৈ প্ৰহাৰ কৰা এটা ভিডিঅ ছচিয়েল মিডিয়াত বিয়পি পৰাত অঞ্চলটোত ব্যাপক প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছে । ঐতিহ্যমণ্ডিত মহাবিদ্যালয় খনৰ এইসকল শিক্ষাৰ্থীয়ে মহাবিদ্যালয়ৰ পোছাকত মৰেল পুলিচ গিৰি কৰি এনেদৰে আইন হাতত তুলি লোৱা কাৰ্য্যত ক্ষোভিত হৈ পৰিছে স্থানীয় লোকসকল । জানিব পৰামতে যোৱা ২৮ জুনত মহাবিদ্যালয়ৰ কেইগৰাকীমান ছাত্ৰী এখন মেজিকত উঠি যাবলৈ লোৱা সময়তে মেজিকৰ এটা চকা ফুটে । লগে লগে ছাত্ৰী কেইগৰাকীয়ে মেজিক চালক জনক ঠাট্টা মস্কৰা কৰিবলৈ আৰম্ভ কৰে । আনহাতে সেই সময়ত মহাবিদ্যালয়খনৰ সন্মুখত ৰৈ থকা আন শিক্ষাৰ্থী সকলেও চালক জনক উদ্দেশ্যি ইতিকিং সূচক মন্তব্য কৰাত চালক জনে এটা অশ্লীল শব্দ উচ্চাৰণ কৰে । ঘটনা সিমানতে অন্ত নপৰিল । কালি বিয়লি মহাবিদ্যালয়ৰ একাংশ শিক্ষাৰ্থীয়ে মেজিক চালক জনক মহাবিদ্যালয়ৰ পৰা প্ৰায় ৫০ মিটাৰ দুৰত আগছি ধৰি ৰাজপথত নিৰ্দয় ভাবে প্ৰহাৰ কৰে । এই কাণ্ড কোনো ছাত্ৰই ম’বাইলত দৃশ্যগ্ৰহণ কৰি ছচিয়েল মিডিয়া যোগে প্ৰচাৰ কৰি দিয়ে । জানিব পৰা মতে এই মৰেল পুলিচিং কাণ্ডত মহাবিদ্যালয়ৰ নেওঁগ উপাধিৰ এগৰাকী ছাত্ৰীৰ লগতে খনিকৰ আৰু গগৈ উপাধিৰ দুই ছাত্ৰ প্ৰত্যক্ষ ভাৱে জড়িত আছে । কালিৰ ঘটনাৰ পাছতে এই কাণ্ডত জৰিত গগৈ উপাধিৰ ছাত্ৰ জনক স্থানীয় ৰাইছে বাৰুকৈয়ে উত্তম মধ্যম সোধায় । মহাবিদ্যালয় খনৰ সুনামত কালিমা সনা কাৰ্য্যত জৰিত ছাত্ৰ ছাত্ৰী কেইজনৰ বিৰুদ্ধে মহাবিদ্যালয় কৰ্তৃপক্ষই কি ব্যৱস্থা গ্ৰহণ কৰে সেয়া লক্ষণীয় হব । ইফালে মহাবিদ্যালয় কৰ্তৃপক্ষৰ বিৰুদ্ধে চূড়ান্ত প্ৰশাসনিক দুৰ্বলতাৰ অভিযোগ তুলিছে একাংশ ছাত্ৰই ।

Related Articles

1 thought on “জাঁজীত ম’ৰেল পুলিচৰ ৰূপত কলেজৰ শিক্ষাৰ্থী: ৰাজহুৱাকৈ প্ৰহাৰ মেজিক চালকক”

  1. So you mean that driver was not doing anything wrong ? As we saw in the video that driver itself is commiting that he misbehaved those girls. True example of tit for tat. He was punished. This news is misleading.

Leave a Reply

Close