অসম

জাঁজীৰ ৩৭ নং ৰাষ্ট্ৰীয় ঘাই পথ হৈ পৰিছে মৰণ পথ

প্ৰথম খবৰ, জাঁজী: যোৰহাট আৰু শিৱসাগৰ জিলাৰ জাঁজীৰ ৩৭ নং ৰাষ্ট্ৰীয় ঘাই পথ সম্প্ৰতি হৈ পৰিছে মৰণ পথ। পথৰ মাজত আৰু দাঁতি কাষৰত সৃষ্টি হোৱা সৰু বৰ অসংখ্য গভীৰ গাঁতে ৰাষ্ট্ৰীয় ঘাই পথটোক এক মৰণ ফান্দলৈ ৰূপান্তৰিত কৰিছে । যোৰহাট জিলাৰ টীয়কৰ পৰা শিৱসাগৰ জিলাৰ ফুলপানীছিগালৈকে পথছোৱা একেবাৰে বিধস্তপ্ৰায় হৈ পৰিছে। পথটোত সংঘটিত হৈছে বহুকেইটা দুৰ্ঘটনা। কালি সন্ধিয়া কলীয়াপানী পুলৰ সমীপত সৃষ্টি হোৱা এটা গাঁতত পৰি কথমপি প্ৰাণ ৰক্ষাপৰে হাঁহচৰা অঞ্চলৰ এজন লোকৰ। আনহাতে পথৰ দুৰৱস্থাৰ বাবে জাঁজীৰ সমীপত কালি নিশা দুৰ্ঘটনাত পতিত হয় NL- 02L 5786 নম্বৰৰ এখন মালবাহী ট্ৰাক ।

Related Articles

Leave a Reply

Close