অসমশীৰ্ষ

জাগুনত ৬ বছৰীয়া শিশুক যৌন নিৰ্যাতন: গোচৰ ৰুজু

প্ৰথম খবৰ,জাগুন: তিনিচুকীয়া জিলাৰ লেখাপানী থানাৰ অন্তৰ্গত দুই নম্বৰ লংটং গাৱঁৰ নিৱাসী অকাত চেমায়ে একে গাৱঁৰে এগৰাকী ৬ বছৰীয়া শিশুক চলালে যৌন নিৰ্যাতন। শিশুটিৰ পিতৃ-মাতৃয়ে অইন দিনাৰ দৰে কালিও ঘৰৰ পৰা ওলাই দিন- হাজিৰা কৰিবলৈ গৈছিল ৷ ইপিনে ঘৰত কোনো নথকাৰ সুযোগ গ্ৰহণ কৰি বিবাহিত পুৰুষ জনে ৬ বছৰীয়া শিশুটিক চলালে যৌন নিযাৰ্তন । অৱশেষত শিশুটিৰ পিতৃ- মাতৃ ওচৰত সকলো কথা বিৱৰি কোৱাত আজি প্ৰায় শতাধিক লোকে লেখাপানী থানাত দোষীক কঠোৰ শাস্তিৰ দাবীত আজি উত্তপ্ত পৰিস্থিতি কৰি তোলে। ইপিনে পলাতক অৱস্থাত আছে অভিযুক্ত অকাত চেমা। লেখাপানী আৰক্ষীও মূল অভিযুক্তক আটক কৰিবলৈ সক্ষম হোৱা নাই যদিও ভাৰতীয় দণ্ডবিদ্ধীৰ আইনৰ অধিনত 63/2017 নম্বৰত এটা গোচৰ ৰুজু কৰিছে।

Related Articles

Leave a Reply

Close