নিবন্ধশীৰ্ষ

জীৱনক অন্য ৰূপত আৱিষ্কাৰ কৰিবলৈ বগামাটিলৈ ব’লক

জুলিমা ডেকা

বাক্সা আৰু ওদালগুৰি জিলাৰ সীমান্তৱৰ্তী তথা ভাৰত ভূটান সীমান্তত অৱস্থিত বগামাটি নামৰ অতি মনোৰম ঠাই। প্ৰাকৃতিক সৌন্দর্যৰে ভৰপূৰ বগামাটি সচাঁকৈয়ে অতি মনোমোহা ঠাই। বগামাটি বৰনদী সংৰক্ষিত বনাঞ্চলৰ অন্তৰ্গত। ইয়াত নলগাহৰি, বনৰীয়া হাতী, বনগৌড়, ভালুক, নাহৰফুটুকী বাঘ আদিকে ধৰি বিভিন্ন বনৰীয়া জন্তু দেখিবলৈ পোৱা যায়। তাৰ উপৰি ময়ূৰকে ধৰি বিভিন্ন প্ৰজাতিৰ চৰাই চাবলৈ পোৱা যায়। উল্লেখযোগ্য যে পখিলা পৰ্যবেক্ষণৰ বাবে এখন উপযুক্ত ঠাই হ’ল বগামাটি। ইতিমধ্যে বগামাটি এখন বনভোজ স্থলী ৰূপেও পৰিগণিত হৈ পৰিছে।

বগামাটি সম্প্ৰতি দুঃসাহিক ক্ৰীড়া পৰ্যটনস্থলী হিচাপে গঢ় লৈ উঠিছে। ২০০৬ চনতে বগামাটিত শিখৰ এডভেঞ্চাৰ ক্লাব, গোৰেশ্বৰে বগামাটিক এক এডভেঞ্চাৰ ক্ৰীড়াস্থলী হিচাপে আৱিষ্কাৰ কৰিছিল। বগামাটিক এডভেঞ্চাৰ ক্ৰীড়াস্থলী হিচাপে গঢ়ি তোলাৰ বাবে গ্ৰীণ ট্ৰেক এণ্ড এডভেঞ্চাৰ ছ’চাইটি নামৰ সংস্থাটোৱেও আদৰণীয় পদক্ষেপ লৈছে।

২০১৪ চনৰপৰা গোৰেশ্বৰ পৰ্বতাৰোহী তথা স্থানীয় সংবাদদাতা পূৰ্ণ ডেকা আৰু এই প্ৰতিবেদকৰ নেতৃত্বত গঠিত ছ’চাইটিয়ে অসমৰ দুঃসাহিক ক্ৰীড়া তথা পৰ্যটন ক্ষেত্ৰত বগামাটিৰ নাম সংযোজন কৰিবলৈ অহোপুৰুষাৰ্থ কৰি আহিছে। এই ক্ষেত্ৰত চেণ্ট্ৰেল বেংক মহৰিপাৰা শাখাই লগতে সংস্থাটোক ঋণ প্ৰদান কৰি সহায়ো কৰিছে। কিন্তু অতি দুখৰ বিষয় যে অসম চৰকাৰ তথা বিটিচিৰ অন্তৰ্গত এই বগামাটিক এখন পৰ্যটনস্থলীৰূপে প্ৰতিষ্ঠা কৰাত কোনো ধৰণৰ পদক্ষেপ লোৱা নাই।

বগামাটি গুৱাহাটীৰপৰা আটাইটকৈ ওচৰত থকা ৰাফ্টিং (দুঃসাহিক নৌকাচালন)ক্ষেত্ৰ। গুৱাহাটীৰপৰা মাত্ৰ প্ৰায় ১০০ কিলোমিটাৰ দূৰৈত অৱস্থিত বগামাটি। বগামাটিলৈ যাবলৈ হ’লে গুৱাহাটীৰ পৰা বাইহাটা চাৰিআলি হৈ গোৰেশ্বৰ, সুৱাগপুৰ হৈ বাছ বা সৰু গাড়ীৰে যাব পাৰি। বগামাটিত ৰাফ্টিং কৰাৰ ওপৰি জাংগল ট্ৰেকিং, মাংকি ক্ৰলিং, ৰিভাৰ ক্ৰছিং, চৰাই পৰ্যবেক্ষণ, পখিলা পৰ্যবেক্ষণ, জংগলত নৈশ যাপন আদি কৰাৰ সুবিধা আছে।

Related Articles

Leave a Reply

Close