অসম

জুবিন গাৰ্গলৈ অসম ৰত্ন বঁটা, পিছুৱালে অসম কবিতা মহোৎসৱৰ দিন

নিউজ ডেস্ক, প্ৰথম খবৰ: সদৌ অসম সাহিত্য সন্মিলনৰ উদ্যোগত পোনপ্ৰথমবাৰৰ বাবে আয়োজন কৰা অসম কবিতা মহোৎসৱৰ দিন নৱেম্বৰ মাহলৈ পিছুৱাই দিয়া হৈছে। সাম্প্ৰতিক ৰাজ্যৰ বান পৰিস্থিতি আৰু গুৱাহাটীত সৃষ্টি হোৱা কৃত্ৰিম বানৰ ভয়াৱহতাৰ প্ৰতি লক্ষ্য ৰাখি ২৩, ২৪,আৰু ২৫ জুনৰ পৰিৱৰ্তে ৩, ৪ আৰু ৫ নৱেম্বৰত এই মহোৎসৱ অনুষ্ঠিত কৰা হ’ব বুলি সন্মিলনৰ প্ৰচাৰ সম্পাদক প্ৰণৱজ্যোতি নদীয়ালে এক বিবৃতিত প্ৰকাশ কৰে। আনহাতে এই মহোৎসৱৰ লগত সংগতি ৰাখি কবি-গীতিকাৰ-সুৰকাৰ-অভিনেতা-পৰিচালক তথাঅসমীয়া গীতত শুদ্ধ উচ্চাৰণেৰে শ্ৰোতাক মন্ত্ৰমুগ্ধ কৰা, ৰাষ্ট্ৰীয় খ্যাতনামা শিল্পী জুবিন গাৰ্গলৈ আগবঢ়োৱা হ’ব অসম ৰত্ন বঁটা।

Related Articles

Leave a Reply

Close