অসম

জে চি আই বৰপেটাৰোডৰ প্ৰশংসনীয় পদক্ষেপ

প্ৰথম খবৰ, বৰপেটাৰোড: বৰপেটাৰোডৰ অগ্ৰণী সামাজিক সংস্থা ” জে চি আই বৰপেটাৰোড”ৰ তৰফৰ পৰা সামাজিক অনুষ্ঠান সমূহত বিশুদ্ধ খোৱা পানী যোগানৰ এক পদক্ষেপ গ্ৰহণ কৰা হৈছে। তাৰেই এক পদক্ষেপ হিচাবে বৰপেটাৰোড শংকৰদেৱ শিশু নিকেতনত এটি RO UV Water Purifier Machine স্থাপন কৰা হয়। আজি মেচিনটো আনুষ্ঠানিক ভাৱে উন্মোচন কৰে শংকৰদেৱ শিশু নিকেতনৰ সভাপতি অৱসৰ প্ৰাপ্ত অধ্যাপক ৰাম অৱতাৰ মহেশ্বৰীয়ে। জে চি আই বৰপেটাৰোডৰ সভাপতি অমিত ধীৰাছাৰিয়াই জনোৱা মতে তেওঁলোকৰ তৰফৰ পৰা বৰপেটাৰোডৰ হনুমান মন্দিৰ , হাউলীৰ গোবিন্দ মন্দিৰ আৰু হনুমান মন্দিৰটো তেনে ধৰণৰ বিশুদ্ধ খোৱা যোগানৰ মেচিন ইতিমধ্যে স্থাপন কৰা হৈছে। আনহাতে, বৰপেটাৰোড শংকৰদেৱ শিশু নিকেতনৰ ছাত্ৰ -ছাত্ৰী সকলৰ বাবে বিশুদ্ধ পানী যোগানৰ ব্যৱস্থা কৰি দিয়াৰ বাবে নিকেতন কৰ্তৃপক্ষই জে চি আই বৰপেটাৰোডৰ কৰ্মকৰ্তা সকলক কৃতজ্ঞতা জ্ঞাপন কৰিছে।

Related Articles

Leave a Reply

Close