অসম

টিংখাঙত মহিলা সহ কাৰ্বি উগ্ৰপন্থী গ্ৰেপ্তাৰ : দুটা পিষ্টল ২১ জাঁই সক্ৰিয় গুলি উদ্ধাৰ

প্ৰথম খবৰ, টংখাং: টিংখাং আৰক্ষী আৰু ভাৰতীয় সেনা বাহিনীয়ে যুটীয়াভাৱে চলোৱা এক গোপন অভিযানত কাৰ্বি উগ্ৰপন্থী সংগঠন UPLA ৰ এগৰাকী মহিলা সহ তিনি দুধৰ্ষ কেডাৰ আটক হয় । টিংখাঙৰ দিল্লীবাৰী শিমলুগুৰি অঞ্চলৰ পৰা নিশা আটক কৰা হয় কেডাৰ কেইজনক । ধৃত কেডাৰ হৈছে কৰ্বি আংলঙৰ অনিতা ৰাজবংশী (২৬) আংচাং তেৰং (২৩) আৰু লজাৰ হাৰচে (২০) । পুৱতি নিশা আটক হোৱা উগ্ৰপন্থী সংগঠন UPLA কেডাৰ কেইজনৰ পৰা ২ টা পইন্ট ২.২ পিষ্টল আৰু ২১ জাঁই সক্ৰিয় গুলি টিংখাং আৰক্ষী আৰু সেনাৰ জাট ৰেজিমেন্টে জব্দ কৰিবলৈ সক্ষম হয় । ইতিমধ্যে অৰক্ষীয়ে ৮২/১৭ নম্বৰত গোচৰ ৰুজু কৰি ভাৰতীয় দণ্ডাবিধি আইনৰ ১২০(বি)১২১/১২১(এ)/৩৮৭ ধাৰা আৰু অৰ/ডব্লিও চেকশ্বন ২৫(১)(এ) অস্ত্ৰ আইনৰ অধিনত ধৃত কেদাৰ কেইজনক টিংখাং আৰক্ষী থানাত মাৰাথন জেৰা অব্যাহত ৰাখিছে । ক’ৰ পৰা কি উদ্দেশ্যে কি কাৰণে কাৰ্বি উগ্ৰপন্থী সংগঠন UPLA কেদাৰ কেইজনে টিংখাঙত বাহৰ পাতিব বিচাৰিছিল সেয়া বৰ্তমানেও ৰহস্যৰ অৱৰ্তত।

 

Related Articles

Leave a Reply

Close