অসম

ডিক্ৰং নদীৰ পাৰত খহনীয়াগ্ৰস্তৰ প্ৰতিবাদ

প্ৰথম খবৰ, বিহপুৰীয়া: অসম চৰকাৰ হায় হায়, জল সম্পদ বিভাগ হায় হায় , সাধাৰণ সদস্যা মমতা দলে হায় হায়, বিধায়ক দেবানন্দ হাজৰিকা হায় হায় আদি শ্ল’গানেৰে উত্তাল প্ৰতিবাদ সাব্যস্ত কৰি বিহপুৰীয়াৰ ডিক্ৰংপৰীয়া সহস্ৰাধিক কৃষক ৰাইজে ৷ প্ৰতিবাদী ৰাইজৰ অভিযোগ বিহপুৰীয়া ৰাজহ চক্ৰৰ গংগৰাবাৰী আৰু ভলুকাগুৰিবাসী ৰাইজে দীৰ্ঘদিন ধৰি সন্মুখীন হৈ অহা ডিক্ৰং নদী সমস্যাটো সমাধানত ৰাজ্য চৰকাৰখনে সামান্যতমো গুৰুত্ব প্ৰদান কৰা নাই ৷ যাৰ পৰিপ্ৰেক্ষিতত স্থানীয় চাৰিটাকৈ শিক্ষানুষ্ঠান নদীৰ বুকুত জাহ যোৱাৰ উপক্ৰম ঘটিছে ৷ তাৰোপৰি মিচিং স্বায়ত্ব শাসিত পৰিষদৰ সাধাৰণ সদস্যা গৰাকীয়ে এই ক্ষেত্ৰত আওকনীয়া মনোভাৱ পোষণ কৰাৰ লগতে বিহপুৰীয়া সমষ্টিৰ বিধায়ক দেবানন্দ হাজৰিকাও নিৰৱ দৰ্শকৰ ভূমিকা পালন কৰাহে পৰিলক্ষিত হৈছে ৷ সেয়েহে আগন্তুক সময়ত খহনীয়া ৰোধৰ কাৰ্য্যকৰী ব্যৱস্থা গ্ৰহণ নকৰে তেনেহলে পুনৰ জঙ্গী আন্দোলন কাৰ্য্যসূচী ৰূপায়নৰ হুংকাৰ দিছে ৷ প্ৰতিবাদী ৰাইজে জেং জাবৰেৰে নদীৰ খহনীয়া প্ৰতিৰোধৰ ব্যৱস্থা কৰে ৷

Related Articles

Leave a Reply

Close