অসমশীৰ্ষ

ডিগবৈত শোকাৱহ পথ দুৰ্ঘটনা: নিহত ৩

প্ৰথম খবৰ,ডিগবৈ/পেঙেৰী: তিনিচুকীয়া জিলাৰ ডিগবৈ আৰক্ষী থানাৰ অন্তৰ্গত বৰবিলত ৩৮ নং ৰাষ্ট্ৰীয় ঘাইপথত আজি ১০:৩০ বজাত এক শোকাৱহ পথ দুৰ্ঘটনাৰ ঘটনা সংঘটিত হয়৷ এখন টাটা মেজিক এচি গাড়ী আৰু এখন বলেৰ’ পিকআপ গাড়ীৰ মাজত সংঘটিত মুখা মুখি সংঘৰ্ষত ৩ জন লোকৰ থিতাতে মৃত্যু ঘটে৷ ঘটনা সন্দৰ্ভত জানিব পৰা মতে ডিগবৈ দিশৰ পৰা তিনিচুকীয়া দিশে তীব্ৰবেগত গৈ থকা এ এছ ০২ ই ৮৭৩৮ নম্বৰৰ মহেন্দ্ৰ বলেৰ’ পিক আপ গাড়ীখনে বিপৰীত দিশৰ পৰা আহি থকা এ ২৩ বি চি ২৪৭৭ নম্বৰৰ টাটা এচি মেজিক খনত খুণ্ডা মাৰি দিয়ে৷ ফলত টাটা মেজিকখনৰ পিছফালে উঠি অহা প্ৰেম গড়(১৯, কৰন এক্কা (২৩) আৰু সুন্দৰ নাগ(২৪)ৰ থিতাতে মৃত্যু ঘটে ৷ অন্যহাতে উক্ত দুৰ্ঘটনাত আন চাৰিজন গুৰুত্বৰভাবে আহত হয় ৷ তেওঁলোক ক্ৰমে এন্থনী বাৰ্ডিং, শিবু গড় আৰু চাংগা মূড়া ৷ আনহাতে দুৰ্ঘটনাত আহত আন এজনৰ নাম এই পৰ্য্যন্ত জানিব পৰা হোৱা নাই৷ উলেখ যোগ্য যে টাটা এচি মেজিক খন অসম ৰাজ্যিক বিদ্যুৎ পৰিষদৰ ঠিকা ভিত্তিত নিয়োজিত গাড়ী আছিল৷ গাড়ীখনৰ গৰাকী হল বগাপানীৰ জয়প্ৰকাশ বাৰ্মা আৰু দুৰ্ঘটনাত আহত নিহত লোকসকল বাৰ্মাৰ কৰ্মচাৰী আছিল৷ তেওলোক কেওজনৰ ঘৰ বগাপানী চাহ বাগিছাত৷ আহত সকলক ইতিমধ্যে সংকটজনক অৱস্থাত উন্নত চিকিৎসাৰ বাবে ডিব্ৰুগড় অসম চিকিৎসা মহাবিদ্যালয়লৈ প্ৰেৰণ কৰা হৈছে৷ আনহাতে দুৰ্ঘটনা সংঘটিত হোৱা মাত্ৰকে প্ৰত্যক্ষদৰ্শী ৰাইজে বলেৰ পিক আপ খনৰ ড্ৰাইভাৰ চাদ্ধাম হুচেইনক গুৰুলা গুৰুলকৈ প্ৰহাৰ কৰে৷ ঘটনা স্থলীত আৰক্ষী উপস্থিত হৈ পৰিস্থিতি নিয়ন্ত্ৰন কৰে৷

Related Articles

Leave a Reply

Close