অসম

ডিগবৈ আৰ ডি জুনীয়ৰ কলেজৰ তৰফৰ পৰা দুখীয় মেধাৱী ২০ জন ছাত্ৰ ছাত্ৰীলৈ ফ্ৰি এডুকেশ্বন সুবিধা

প্ৰথম খবৰ, ডিগবৈ: যি সময়ত ব্যক্তিগত খণ্ডৰ বিদ্যালয় সমূহকলৈ বিভিন্ন দল সংগঠনে প্ৰতিবাদী কাৰ্য্যসূচী হাতত লৈ আহিছে। ঠিক সেই সময়তে তিনিচুকীয়া জিলাখনৰ ডিগবৈৰ আৰ ডি জুনীয়ৰ কলেজেৰ ছাত্ৰ ছাত্ৰীয়ে পৰীক্ষা সমূহত ভাল ফল দেখুৱাবলৈ সক্ষম হোৱাৰ লগতে জুনীয়াৰ কলেজখনৰ সামাজিক সচেতনতা আঁচনিৰ অধীনত জিলা খনৰ দুখীয়া কিন্তু মেধাৱী ছাত্ৰ ছাত্ৰীক বিনামূলীয়া শিক্ষাৰ লগতে জলপানী প্ৰদান কৰি আহিছে। প্ৰতিবছৰ দৰে এই বছৰো আৰ. ডি. জুনিয়ৰ কলেজে ২০ গৰাকী ছাত্ৰ – ছাত্ৰীক আজি জলপানী প্ৰদান কৰে। এই জলপানী যোগেদি প্ৰতি গৰাকী ছাত্ৰ-ছাত্ৰীয়ে সম্পূৰ্ণ পঢ়া খৰছ বহন কৰিব। বিশেষকৈ মেট্ৰিক পাছৰ পাছত হাই ছেকেণ্ডাৰী পঢ়িব খোজ দুখীয়া মেধাৱী ছাত্ৰ ছাত্ৰীক এই সুবিধা প্ৰদান কৰা হৈছে। আজিৰ এই এই জলপানী প্ৰদানৰ অনুষ্ঠানত কেইবাজনো বিশিষ্ট ব্যক্তি উপস্থিত থাকে। স্থানীয় সচেতন মহলে আৰ ডি জুনীয়ৰ কলেজৰ এই কৰ্মক আদৰণী জনাইছে।

Related Articles

Leave a Reply

Close