অসম

ডিমাকুছিত নাৰী সৰবৰাহকাৰী ধৃত 

প্ৰথম খবৰ, ডিমাকুছি: ওদালগুৰি জিলাৰ ভাৰত-ভূটান সীমান্তৱৰ্তী অঞ্চলটোত অবৈধভাৱে শিশু আৰু নাৰী বহি: ৰাজ্যলৈ সৰবৰাহৰ ঘটনা অভাৱনীয় হাৰত বৃদ্ধি পোৱাৰ সময়তে আজি ডিমাকুছি থানাৰ অন্তৰ্গত শান্তিপুৰৰ পৰা এছ এছ বিৰ জোৱানে অবৈধ নাৰী সৰবৰাহকাৰী চক্ৰৰ এজন এজেন্টক আটক কৰিবলৈ সক্ষম হয় ৷ এছ এছ বিৰ ৩৭ নং বেটেলিয়নৰ চামৰাং বি.অ.পিৰ জোৱানে গোপন খবৰৰ ভিওিত অভিযান চলাই আজি ডিমাকুছি শান্তিপুৰৰ পৰা অবৈধ ভাৱে বহি : ৰাজ্যলৈ নাৰী সৰবৰাহৰ সৈতে দীৰ্ঘদিন ধৰি জড়িত মোহন তাঁতী (৪৭) নামৰ যুৱক জনক আটক কৰি ডিমাকুছি আৰক্ষীক চমজাই দিয়ে ৷

Related Articles

Leave a Reply

Your email address will not be published. Required fields are marked *

Close