অসম

ডিমা হাচাওৰ হাটীখালিত যুৱতীক ধৰ্ষণ: এজনক গ্ৰেপ্তাৰ

প্ৰথম খবৰ,লামডিং: যোৱা নিশা ডিমা হাচাওত এক জঘন্য কাণ্ড সংঘটিত হৈ যায় ৷ ডিমাহাচাওৰ হাটীখালিত এগৰাকী কিশোৰী ৩ পাষণ্ডৰ কামনাৰ বলি হ’ব লগা হ’ল ৷ জানিব পৰা মতে হাতীখালিৰ লাকিবিলৰ ১৭বছৰীয়া যুৱতীগৰাকী কেমৰায় বজাৰৰ পৰা ঘৰলৈ ওভতি আহাৰ সময়ত হাটীখালি আৰক্ষী চকীৰ পৰা প্ৰায় ৫০০ মিটাৰ দূৰত্বত এটি শিৱ মন্দিৰৰ সমীপত লামডিঙ শংকৰ পল্লী নিৱাসী সুভম দাস আৰু দুই সহযোগীয়ে যুৱতী গৰাকীক বাট আগচি ধৰে আৰু মন্দিৰটোৰ পৰা অলপ তললৈ টানি নি ধৰ্ষণ কৰাৰ অভিযোগ আনিছে ৷ স্থানীয় ৰাইজৰ সহযোগত আৰক্ষীয়ে ঘটনাস্থলীৰ পৰাই লম্পট সুভম দাসক কৰায়ত্ব কৰে যদিও বাকী দুটা নৰাধম পলায় যাবলৈ সক্ষম হয় ৷ অভিযোগ উঠা মতে নৰপিশাচ কেইটাই নিজৰ কামনা পূৰণ কৰাৰ লগতে ম’বাইলেৰে সমগ্ৰ দৃশ্য আবদ্ধও কৰে ৷ আৰক্ষীয়ে সুভম দাসক আটক কৰাৰ লগে লগে স্থানীয় ৰাইজে দোষীৰ উচিত শাস্তিও দাবী কৰে ৷

Related Articles

Leave a Reply

Close