অসম

ডিমৌত আন্ত:ৰাষ্ট্ৰীয় যোগ দিৱস পালন

প্ৰথম খবৰ, ডিমৌ: আজি ২১ জুন আন্ত:ৰাষ্ট্ৰীয় যোগ দিৱস উপলক্ষে সমগ্ৰ বিশ্বৰ লগতে ৰাজ্যৰ বিভিন্ন প্ৰান্তত বৰ্ণাঢ্য কাৰ্যসূচীৰে উদযাপন কৰা হয় । শিৱসাগৰ জিলাৰ ডিমৌতো আন্ত:ৰাষ্ট্ৰীয় যোগ দিৱসত শ শ লোকে ব্যাপক উচাহেৰে অংশগ্ৰহণ কৰে ।ডিমৌ ৰাইচাই গ্ৰাম্য ক্ৰীড়াংগনত পুৱা ৭ বজাত আয়োজন কৰা সমূহীয়া যোগাসনৰ কাৰ্যসূচীত থাওৰাৰ বিধায়ক কুশল দুৱৰীয়েও ভাগ লয় ।অনুষ্ঠানত ভিন্ন যোগাভ্যাস কৰি উৎফুল্লিত হৈ পৰে সকলো। যোগে মানুহক সু-স্বাস্থ্যৰ অধিকাৰী কৰাত যথেষ্ট সহায় কৰে আৰু সেয়ে বুধবাৰে সমগ্ৰ বিশ্বৰ ১৫০ খন দেশত তৃতীয় আন্ত:ৰাষ্ট্ৰীয় যোগ দিৱস পালন কৰে।

Related Articles

Leave a Reply

Close