অসমশীৰ্ষ

ডিমৌত ছাত্ৰী অপহৰণ কৰি যৌন নিৰ্যাৰ্তন

প্ৰথম খবৰ, ডিমৌ: ৰাজ্যত ক্ৰমাৎ বৃদ্ধি পাইছে যৌন নিৰ্যাতনৰ দৰে জঘন্য ঘটনা। শিৱসাগৰ জিলাৰ ডিমৌত শুক্ৰবাৰে নিশা সংঘটিত হ’ল এনে এক পাশৱিক ঘটনা। ঘটনাৰ বিৱৰণী অনুসৰি,ডিমৌৰ থাওৰা মাজগাঁৱৰ ছাত্ৰীগৰাকীয়ে নিশা প্ৰায় ১২ বজাত পৰীক্ষাৰ বাবে পঢ়ি থকাৰ মাজতে প্ৰস্ৰাৱ কৰিবলৈ বুলি বাহিৰলৈ ওলাওতেই পূৰ্বৰেপৰা বাহিৰত খাপ লৈ থকা বিজিত চাংমাই আৰু বিতুপন গগৈ নামৰ দুজন যুৱকে এখন কাপোৰেৰে ছাত্ৰীগৰাকীৰ মুখত সোপা দি মুখ ঢাকি দিয়াত ছাত্ৰীগৰাকী অচেতন হৈ পৰে। অচেতন অৱস্থাত থকা যুৱতীগৰাকীক উক্ত নিশাই দুই পাষণ্ডই মিলি কাষৰে ৰজাবাৰী চাহ বাগিচাৰ মাজলৈ লৈ যায় আৰু ছাত্ৰীগৰাকীয়ে পৰিধান কৰা কাপোৰ বলপূৰ্বক খুলি দি ছাত্ৰীগৰাকীক যৌন নিৰ্যাতন কৰি মুমূৰ্ষ অৱস্থাত পেলাই থৈ যায় ।ছাত্ৰীগৰাকীৰ পিতৃয়ে ফোনযোগে বহু যোগাযোগ কৰি অৱশেষত ঘটনাস্থলীৰপৰা ছাত্ৰীগৰাকীক উদ্ধাৰ কৰিবলৈ সক্ষম হয়। ঘৰত এই বিষয়ত সোধা-পোছা কৰাত ছাত্ৰীগৰাকীয়ে সকলোৱে কথা খুলি কয়। ছাত্ৰীগৰাকীয়ে জনোৱা মতে, তেওঁ অচেতন অৱস্থাত আছিল যদিও তাইক লৈ যোৱা আৰু তাইৰ ওপৰত পাষৱিক কাণ্ড তথা ধৰ্ষণ কৰাৰ কথা গম পাইছিল বুলি ছাত্ৰীগৰাকীয়ে পিতৃ-মাতৃৰ আগত অৱগত কৰে ।তদুপৰি ছাত্ৰীগৰাকীয়ে পিতৃয়ে অভিযোগ কৰা অনুসৰি শুক্ৰবাৰৰ নিশা ঘটা এই ঘটনাটোক কেন্দ্ৰ কৰি তেওঁৰ ম’বাইল ফোনলৈ শনিবাৰে পুৱা ৮:৪৫ বজাৰপৰা এটা অচিনাকী নম্বৰৰ পৰা অশ্লীল কথাৰে গালি-গালাজ কৰাৰ লগতে ভয়-ভাবুকি প্ৰদান কৰে । এই সমগ্ৰ জঘন্য কাণ্ডত জড়িত দুই নৰপিশাচ বৰ্তমান পলাতক অৱস্থাত আছে । ছাত্ৰীগৰাকীৰ পিতৃয়ে ইতিমধ্যে এই সংক্ৰান্তত ডিমৌ আৰক্ষী থানাত এটা গোচৰ পঞ্জীয়ন কৰিছে ।

Related Articles

Leave a Reply

Close