অসম

ডিমৌত ছাত্ৰী ধৰ্ষণকাৰীক গ্ৰেপ্তাৰ

প্ৰথম খবৰ,ডিমৌ: যোৱা ২৪ জুনত শিৱসাগৰ জিলাৰ ডিমৌ আৰক্ষী থানাৰ অন্তৰ্গত থাওৰা মাজগাঁৱত সংঘটিত হৈছিল এক ধৰ্ষণৰ দৰে পাশৱিক ঘটনা । যিটো ঘটনাত তীব্ৰ চাঞ্চল্যই বিৰাজ কৰিছিল সমগ্ৰ ডিমৌতে ।ঘটনা অনুসৰি ২৪ জুনৰ দুপৰ নিশা এগৰাকী কিশোৰীক ঘৰৰ পৰা অপহৰণ কৰি নি কাষৰ বাগিচাৰ ভিতৰত ধৰ্ষণ কৰা ঘটনাত জড়িত মূল অভিযুক্ত বিজিত চাংমাইক বুধবাৰে ডিমৌ আৰক্ষীয়ে পালেঙীৰ পৰা গ্ৰেপ্তাৰ কৰিবলৈ সক্ষম হয় । বিজিতৰ ঘৰ পালেঙী কলবাৰী গাঁৱত । ইফালে ঘটনাত জড়িত আনজন অভিযুক্ত থাওৰা মাজগাঁৱৰ বিতোপন গগৈ এতিয়াও পলাতক হৈ আছে । ইতিমধ্যে বিজিতক ডিমৌ আৰক্ষীয়ে সোধা-পোচা অব্যাহত ৰাখিছে । ধৃত বিজিতে দশম শ্ৰেণীৰ ছাত্ৰীগৰাকীক নিশা মাতি নি শ্লীলতা হানি কৰাৰ কথা অস্বীকাৰ কৰি কিশোৰীগৰাকীৰ সৈতে প্ৰেমৰ সম্পৰ্ক আছিল বুলিহে আৰক্ষীৰ আগত প্ৰকাশ কৰিছে । লগতে উক্ত নিশা কিশোৰী গৰাকীয়ে ফোনযোগে মাতি বাগিচাৰ ফালে নিছিল বুলিও বিস্ফোৰক মন্তব্য কৰে । এক কথাত সমগ্ৰ ঘটনাটোৰ সত্য সত্যতা এতিয়াও স্পষ্ট হোৱা নাই । এতিয়া দোষীয়ে কেনেধৰণৰ শাস্তি পাব তাক লৈ সকলো উৎকণ্ঠাত আছে ।

Related Articles

Leave a Reply

Your email address will not be published. Required fields are marked *

Close