অসম

ডিমৌত বহ্নিমানৰ উদ্যোগত বিশ্ব ৰক্তদান দিৱস পালন

প্ৰথম খবৰ,ডিমৌ: ১৪ জুন তাৰিখে সমগ্ৰ বিশ্ববাসীয়ে পালন কৰিছে বিশ্ব ৰক্তদান দিৱস। “ৰক্তদান মহান দান” এই বাক্যশাৰীকে শিৰোগত কৰি এই দিৱসটিৰ লগত সংগতি ৰাখি বুধবাৰে ডিমৌৰ পালেঙী উচ্চ মাধ্যমিক বিদ্যালয়ত বেচৰকাৰী সংস্থা বহ্নিমানৰ উদ্যোগত আৰু শিৱসাগৰ অসামৰিক চিকিৎসালয়ৰ সহযোগত এক ৰক্তদান শিবিৰ আৰু সজাগতা সভা অনুষ্ঠিত কৰা হয় । এই ৰক্তদান শিবিৰত ৪০ জনৰো অধিক লোকে ৰক্ত দান কৰে। এই অনুষ্ঠানত শিৱসাগৰ অসামৰিক চিকিৎসালয়ৰ চিকিৎসকৰ উপস্থিতিত সংস্থাৰ বিষয়-ববীয়া, শিক্ষক,ছাত্ৰ-ছাত্ৰী, যুৱক-যুৱতী আদি সকলোৱে অংশগ্ৰহণ কৰে। ৰক্তদানৰ দৰে এক মহান কৰ্ম কৰিবলৈ পাই ৰক্তদাতাসকল উৎসাহিত হৈ পৰে । এই অনুষ্ঠানতে ৰক্তদানৰ বিষয়ে এক সজাগতা সভাও অনুষ্ঠিত হয় আৰু যিহেতু ৰক্তদানে এক সুস্বাস্থ্য গঢ়া তথা নিৰোগী কৰাত মানুহক সহায় কৰে সেয়ে সকলোকে ৰক্তদান কৰিবলৈ আহ্বান জনায় ।বহ্নিমানৰ এই মহৎ প্ৰয়াসক সকলোৱে একেমুখে শলাগ লয় ।

Related Articles

Leave a Reply

Close