ফটো ফিচাৰযুৱশীৰ্ষ

ডিৱাই কেলেণ্ডাৰ গাৰ্লৰপৰা হিন্দী ছবিলৈ অনুষ্কাৰ যাত্ৰা

গৌতম হাজৰিকা

গুৱাহাটীৰ নিবাসী প্ৰণৱ গোহাঁই আৰু মধুমিতা গোহাঁইৰ জীয়ৰী অনুষ্কা। ২০১৫ বৰ্ষত ডিৱাই কেলেণ্ডাৰ গাৰ্লৰ জৰিয়তে অনুষ্কাৰ প্ৰৱেশ ঘটে মডেলিং জগতত। মাতৃৰ প্ৰেৰণা আৰু পিতৃৰ সাহসত ক্ৰমে খোজ আগবঢ়াই গ’ল গ্লেমাৰ জগতখনত। ডিৱাই কেলেণ্ডাৰ গাৰ্লৰ টপ-10 লৈকে যোৱা অনুষ্কাই ২০১৬ বৰ্ষত মিছ ইণ্ডিয়া নৰ্থইষ্টত যোগদান কৰি লাভ কৰে মিছ কেপটিভিটী আইছৰ সন্মান।

প্ৰবল আত্মবিশ্বাসী অনুষ্কাই তাৰ পিছত যোগদান কৰিলে ৰঙালী ২০১৬, যোৰহাট ৰেছেছ, গুৱাহাটী ফেশ্বন উইক, নীডছ কৰ্প’ৰেট কেলেণ্ডাৰ গাৰ্ল ২০১৬ত। সেই সময়ছোৱাতে অনুষ্কাই মিফ পাৰফেক্টত যোগদান কৰি লাভ কৰে মিছ পাৰফেক্ট এক্সপ্ৰেছন আৰু মিছ পাৰফেক্ট ফিগাৰৰ মুকুট।

প্ৰতিটো মুহূৰ্তত পিতৃ-মাতৃৰ সাহস বুকুত লৈ ফুৰা অনুষ্কা স্কুলীয়া দিনৰপৰা আছিল সাংস্কৃতিক মনৰ গৰাকী। স্কুলীয়া দিনত নাট প্ৰতিযোগিতাত অভিনয় কৰি প্ৰশংসা পোৱা অনুষ্কাই গানত কণ্ঠ দিওঁ পাইছিল মৰম। অভিনয়ৰ প্ৰতি বিশেষ দুৰ্বলতা থকা অনুষ্কাই কলেজীয়া জীৱন আৰম্ভ কৰি ২০১৭ বৰ্ষত প্ৰথম গানৰ ভিডিঅ’ ছবিত অভিনয় কৰাৰ সুযোগ লাভ কৰে।কম দিনতে বহুকেইটা গানত ভুমূকি মৰা অনুষ্কাই শেহতীয়াকৈ এখন হিন্দী ছবিতো অভিনয় কৰে।

বাস্কেট বল, বেডমিণ্টন, ছুইমিং কৰি ভাল পোৱা অনুষ্কাই সময় পালেই অভিভাৱকৰ লগত কটায়। অনুষ্কাই এতিয়ালৈকে গৰিমা গাৰ্গ, পায়ল লোচন গোস্বামী, য়ানা নাগ’বা, ধীৰাজ ডেকা, অনিতা কাশ্যপ, বৰষা আদিত্য সিং, জ্যোতি কাশ্মীৰি, জয় সিং, মিতালী বৰুৱা, উপাসনা পৰাশৰ, লাকী থাপা, অমৃতা মেধী, কাকু মণি শইকীয়াই প্ৰস্তুত কৰা পোছাক পৰিধাৰণ কৰি খোজ দিছে ৰেম্পত। অসমৰ অনুষ্কাও বলিউডৰ অনুষ্কা শৰ্মাৰ দৰে গ্লেমাৰ জগতত উজ্বলি উঠক, তাকেই কামনা কৰিলোঁ।

Related Articles

Leave a Reply

Your email address will not be published. Required fields are marked *

Close