অসম

ঢকুৱাখনা ঘিলামৰাৰ বাংক্লেংত দলং ভাগি ৪ জন লোক আহত 

প্ৰথম খবৰ, ঢকুৱাখনা: ঢকুৱাখনাৰ ঘিলামৰা বাংক্লেং গড়কাপ্তানি পথৰ বিধস্ত দলং ভাগি ৪ জন লোক আহত। আহত লোকসকল হল-চেনি চন্দ্ৰ হিলৈদাৰী(৪৬),যাদৱ হাতীবৰুৱা(২৭),বম্বেশ্বৰ বুঢ়াগোঁহাই(৪২),আৰু অমৰজ্যোতি হাতীবৰুৱা (২৬). ৰাইজে এই দলং খনৰ মেৰামতিৰ কৰিবলৈ বহু বাৰ আবেদন নিবেদন কৰিছিল যদিও আজি লৈকে গাঁওবাসীয়ে প্ৰতিশ্ৰুতি বাহিৰে একো নাপালে । যাৰ বাবে আজি দলং ভাগি ৪ জন লোক আহত হ’ব লগা হ’ল । স্থানীয় ৰাইজে অতি সোনকালে এই দলংখনৰ মেৰামতিৰ কৰি গাঁওবাসীক অহা যোৱা কৰাত সুবিধা কৰি দিবলৈ চৰকাৰক অনুৰোধ জনাইছে ।

 

Related Articles

Leave a Reply

Close