অসম

তামুলপুৰত মটৰ চাইকেলৰ খুন্দাত চাইকেল আৰোহী নিহত

প্ৰথম খবৰ,তামুলপুৰ: আজি আবেলি তামুলপুৰ প্ৰাথমিক স্বাস্থ্য কেন্দ্ৰৰ সন্মুখত সংঘটিত এক পথ দৰ্ঘটনাত আব্দুল খালেক আলি(৪৬) নামৰ চাইকেল আৰোহী এজনৰ ঘটনাস্থলীতে মৃত্যু ঘটে আৰু মটৰ চাইকেল আৰোহী তামুলপুৰৰ গনেশ দাসৰ পুত্ৰ থানেশ্বৰ দাস (২৫) গুৰুতৰভাবে আহত হয় ৷ প্ৰাপ্ত ঘটনাৰ বিৱৰণী অনুসৰি আব্দুল খালেকে নিজৰ চাইকেলখনেৰে আজি আবেলি প্রায় ২.৩০ বজাত তামুলপুৰৰ পৰা কুমাৰীকাটা অভিমুখে গৈ থাকোতে তামুলপুৰ প্ৰাথমিক স্বাস্থ্য কেন্দ্ৰৰ সন্মূখত হঠাৎ তেওৰ চাইকেলখন বিপৰীত দিশে ঘুৰাই দিয়াত তীব্ৰ বেগী মটৰ চাইকেল এখনে বাইচাইকেলখনত খুন্দা মৰাত চাইকেল আৰোহী আব্দুল খালেক আলী ঘটনাস্থলিতে নিহত হয় আৰু মটৰ চাইকেল আৰোহী থানেশ্বৰ দাস গুৰুতৰভাবে আহত হোৱাত দুয়োগৰাকীকে স্বাস্থ্য কেন্দ্ৰত ভৰ্তি কৰোৱা হয় যদিও আব্দুল খালেকক চিকিৎসকে মৃত ঘোষনা কৰে। ইতিমধ্যে তামুলপুৰ থানাৰ আৰক্ষীয়ে আব্দুলৰ মৃতদেহ চমজি লৈ মৰনোত্তৰ পৰীক্ষাৰ বাৱে প্ৰেৰণ কৰিছে । থানেশ্বৰক উন্নত চিকিৎসাৰ বাবে জি এম চি এইছলৈ প্ৰেৰণ কৰিছে।

Related Articles

Leave a Reply

Close