অসম

তিনি সন্তানৰ মাতৃয়ে হাইস্কুল শিক্ষান্ত পৰীক্ষাত উত্তীৰ্ণ হৈ গৌৰৱ কঢ়িয়াই আনিলে ছিপাঝাৰ অঞ্চললৈ

প্ৰথম খবৰ, দেওমৰনৈ /মংগলদৈ: প্ৰৱল ইচ্ছা শক্তি থাকিলে মানুহে কৰিব নোৱাৰা কাম একো নাই । তাকে প্ৰমাণ কৰিলে ছিপাঝাৰৰ এগৰাকী তিনিটা সন্তানৰ মাতৃয়ে সদ্যঘোষিত হাইস্কুল শিক্ষান্ত পৰীক্ষাত তিনি সন্তানৰ মাতৃ মহিলা গৰাকী উৰ্ত্তীণ হৈছে প্ৰথম বিভাগত । ছিপাঝাৰ সাৰেং গাঁৱৰ হিমাক্ষী শৰ্মা নামৰ তিনি সন্তানৰ মাতৃ মহিলা গৰাকীয়ে সম্পুর্ণ ১১ বছৰৰ পিছত হাইস্কুল শিক্ষান্ত পৰীক্ষাত অৱতীৰ্ণ হৈ উত্তীৰ্ণ হৈছে প্ৰথম বিভাগত । বৰনদীঝাৰ উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ পৰা হাইস্কুল শিক্ষান্ত পৰীক্ষাত অৱতীৰ্ণ হৈ হিমাক্ষী শৰ্মা ই সৰ্বমুঠ ৩৬৫ নং লাভ কৰি প্ৰথম বিভাগত উত্তীৰ্ণ হবলৈ সক্ষম হৈছে। অভাৱ অনাতনৰ মাজেৰেই আগবাঢ়ি দুটি কন্যা সন্তান আৰু এটা পুত্ৰ সন্তানৰ মাতৃ হিমাক্ষীয়ে ১১বছৰ পুৰ্বে পঢ়া আধাতে সামৰিব লগা হৈছিল আৰু যদিও মনৰ প্ৰৱল ইচ্ছা, একগ্ৰতা আৰু স্বামীৰ উৎসাহ উদ্দীপনাৰ ফলত প্ৰথম বিভাগত উত্তীৰ্ণ হৈ কঢ়িয়াই আনিছে সফলতা। কলা শাখাত অধ্যয়ণ কৰি ভৱিষ্যতে পঢ়া শুনা অব্যাহত ৰাখিছে তিনি সন্তানৰ মাতৃ হিমাক্ষীয়ে।

Related Articles

Leave a Reply

Your email address will not be published. Required fields are marked *

Close