অসম

তেজপুৰত বোৱাৰীৰ অত্যাচাৰত শাহুৰ আত্মহত্যা

প্ৰথম খবৰ, তেজপুৰ: শাহুৰ অত্যাচাৰ সহিব নোৱাৰি বোৱাৰীয়ে আত্মহত্যা কৰা বাতৰি নিশ্চয় শুনিছে। কিন্তু তেজপুৰৰ বিহগুৰিৰ ৰঙামাটিত এগৰাকী শাহুৱে বোৱাৰীৰ অত্যাচাৰ সহিব নোৱাৰি ডিপোটা নদীৰ পৰা জাপ দি আত্মহত্যা কৰে ।জনামতে, বিহগুৰি ৰঙামাটিৰ নিৱাসী মনি দাসৰ পত্নী দুলভা দাসৰ দীৰ্ঘদিন ধৰি পুত্ৰ বোৱাৰীৰ লগত ঘৰুৱা কথাত মতানৈক্য হৈ আহিছিল আৰু বোৱাৰী আৰু পুত্ৰ হাতত অকথ্য নিৰ্যাতন ভুগিব লগা হৈছিল ।যোৱা নিশা ৬৫ বছৰীয়া দুলভা দাসক পুত্ৰ বোৱাৰীৰ লগত কাজিয়া হৈছিল আৰু পুত্ৰ বোৱাৰীয়ে বেয়াকৈ মাৰপিট কৰিছিল। সেই বাবে আজি পুৱা মৰা ডিপোটা দলঙৰ পৰা ডিপোটা নদীত জাপ দি আত্মহত্যা কৰে। আৰক্ষীয়ে মহিলা গৰাকীৰ চেণ্ডেলযোৰ উদ্ধাৰ কৰিছে যদিও মহিলা গৰাকীৰ মৃতদেহ উদ্ধাৰ কৰিবলৈ সক্ষম হোৱা নাই । অৱশ্য নদী আৰক্ষী, এচ ড আৰ এফ ৰ দ্বাৰা উদ্ধাৰ অভিযান অব্যাহত আছে ।

Related Articles

Leave a Reply

Close