অসম

দিখৌমুখত মামল চিকাৰী পাৰঘাটত নতুন ফেৰীসেৱা সংযোজন

প্ৰথম খবৰ, দিখৌমুখঃ ঐতিহ্যমণ্ডিত দিখৌমুখ পাৰঘাটৰ মামল-চিকাৰী পাৰঘাটত আজিৰ পৰা সংযোজন কৰা হৈছে তিনিখনকৈ নতুন ফেৰীসেৱা৷ ঘাটটোৰ নতুনকৈ দায়িত্ব প্ৰাপ্ত লেচী ৰোহিণী বৰঠাকুৰৰ ব্যক্তিগত প্ৰচেষ্টাত এই ফেৰীসেৱাৰ সংযোজন ঘটোৱা হৈছে৷ উল্লেখ্য যে, সিংহ পুৰুষ প্ৰয়াত ললিত চন্দ্ৰ ৰাজখোৱাই প্ৰতিষ্ঠা কৰা দিখৌমুখ পাৰঘাটটো উজনি মাজুলীৰ লগত ৰাইজৰ যাতায়তৰ অন্যতম পাৰঘাট যদিও বিগত সময়ছোৱাত এই ঘাটটোৰে সৰু মেচিন নাৱেৰে ৰাইজে বিপদ সংকুলতাৰে যাতায়ত অব্যাহত ৰাখিব লগা হৈছিল৷ কিন্তু বৰ্তমানৰ লেচী ৰোহিণী বৰঠাকুৰে আজি তিনিখনকৈ মেচিন নাওঁ ঘাটটোত সংযোজন ঘটোৱাত পাৰঘাটটোৰে ৰাইজৰ সুচল যাতায়ত ব্যৱস্থা গঢ় লৈ উঠিল৷ ইয়াৰ উপৰি এই নতুন ফেৰীসেৱাই সংযোজনৰ জড়িয়তে দিখৌমুখৰ প্ৰাকৃতিক সৌন্দৰ্যতাৰে পৰিপূৰ্ণ বালিচাপৰি পৰ্যটনৰ ক্ষেত্ৰলৈ ৰূপান্তৰিত হ’ব বুলিয়ো স্থানীয় ৰাইজে আশা প্ৰকাশ কৰিছে৷ দিখৌমুখ পুনিয়া সত্ৰৰ সত্ৰাধিকাৰ জগন্নাথ গোস্বামীয়ে ধূপ-বন্তি প্ৰজ্বলন আৰু মহাবাহুৰ জলধাৰাত দুগ্ধ বিসৰ্জনেৰে ঘাটটোত সংযোজিত নতুন ফেৰীসেৱা আনুস্থানিক ভাৱে মুকলি কৰে৷ অন্যহাতে দিখৌমুখ বালিচাপৰি পৰ্যটকৰ আকৰ্ষণ ক্ষেত্ৰ হিচাপে গঢ়ি তোলাৰ ক্ষেত্ৰত ঘাটটোৰ লেচীয়ে অহা জুলাই মাহৰ পৰা ঘাটটোৰ পৰা এক নৌকাবিহাৰ আৰম্ভ কৰাৰ ব্যৱস্থা গ্ৰহণ কৰাৰ বিষয়ে জানিবলৈ দিছে৷

 

Related Articles

Leave a Reply

Close