শীৰ্ষৰাষ্ট্ৰীয়

দিল্লী বিশ্ববিদ্যালয়ৰ প্ৰথম কাট অব মাৰ্কছৰ তালিকা প্ৰকাশ : প্ৰথম তালিকা অনুসৰি স্থান নাপায় অসমৰ শীৰ্ষ স্থান প্ৰাপ্তই! অপেক্ষা ১ জুলাইলৈ

নিউজ ডেস্ক, প্ৰথম খবৰ: দিল্লী বিশ্ববিদ্যালয়ৰ অধীনৰ মহাবিদ্যালয়ৰ প্ৰথম কাট অব মাৰ্কছৰ তালিকা প্ৰকাশ পোৱাৰ লগে লগে চৰম হতাশাই দেখা দিছে অসমৰ মেধাৱী ছাত্ৰ-ছাত্ৰীৰ মাজত। আগশাৰীৰ মহাবিদ্যালয়ত অধ্যয়ন কৰিম বুলি ভবা বহুতৰে আশাত চেঁচা পানী পেলালে প্ৰথমখন তালিকাই। প্ৰথমখন তালিকা দেখি হতাশ উচ্চতৰ মাধ্যমিকত স্থান প্ৰাপকো। শুকুৰবাৰে নিশা প্ৰকাশিত প্ৰথম তালিকা অনুসৰি হিন্দু কলেজৰ অৰ্থনীতিৰ কাট অব মাৰ্ক ৯৬.৫ শতাংশ, বুৰঞ্জী ৯৬.৫ শতাংশ, ইংৰাজী ৯৭.৫ শতাংশ, ৰাজনীতি বিজ্ঞান ৯৬.৭৫ শতাংশ, সমাজ শাস্ত্ৰ ৯৬.২৫ শতাংশ; হংসৰাজ কলেজৰ অৰ্থনীতি ৯৭.২৫ শতাংশ, ইংৰাজী ৯৭ শতাংশ, বুৰঞ্জী ৯৬ শতাংশ, ইন্দ্ৰপস্থত অৰ্থনীতি ৯৭.৫ শতাংশ, ভূগোল ৯৭.৫ শতাংশ, বুৰঞ্জী ৯৬ শতাংশ, ৰাজনীতি বিজ্ঞান ৯৭ শতাংশ, কিৰ’ৰিমলত অৰ্থনীতি ৯৭.৫ শতাংশ, ইংৰাজী ৯৬ শতাংশ, ভূগোল ৯৭ শতাংশ, ৰাজনীতি বিজ্ঞান ৯৭ শতাংশ, লেডী শ্ৰীৰাম কলেজত অৰ্থনীতি ৯৭.৫ শতাংশ, ইংৰাজী ৯৮ শতাংশ, বুৰঞ্জী ৯৬.৫ শতাংশ, জাৰ্নেলিজিম ৯৮ শতাংশ, ৰাজনীতি বিজ্ঞান ৯৭.৫ শতাংশ, মনোবিজ্ঞান ৯৮.৫ শতাংশ।

এয়া মাথো কেইখনমান মহাবিদ্যালয়ৰ কাট অব্ মাৰ্কছৰ তালিকা। অধিকাংশ আগশাৰীৰ মহাবিদ্যালয়ত ৯৬ শতাংশৰ ওপৰত নম্বৰ লাগে। যাৰ বাবে দিল্লীত হতাশ অসমৰ মেধাৱী। কাৰণ ২০১৭ বৰ্ষৰ উচ্চতৰ মাধ্যমিকৰ কলা শাখাৰ ফলাফলত প্ৰথম স্থান লাভ কৰা গৰাকীয়ে লাভ কৰিছিল ৯৬% নম্বৰ। তেনেস্থলত প্ৰথমখন তালিকাই মেধাৱী ছাত্ৰ ছাত্ৰীসকলক হতাশ কৰাই স্বাভাৱিক। উল্লেখযোগ্য যে দিল্লী বিশ্ববিদ্যালয়ৰ ৬৩খন মহাবিদ্যালয়ত ৫৬০০০ আসন থকাৰ বিপৰীতে এইবাৰ আবেদন কৰিছে ২.২ লাখ ছাত্ৰ ছাত্ৰীয়ে।

সকলোবোৰ হতাশ হলেও এতিয়া তেওঁলোকে পুনৰ আশাৰে বাট চাইছে দ্বিতীয়খন তালিকালৈ। কিজানিবা সেইখনে আনি দিয়ে দিল্লী বিশ্ববিদ্যালয়ত অধ্যয়নৰ সুযোগ। কাট অব্ মাৰ্কছৰ দ্বিতীয়খন তালিকা অহা এক জুলাইত প্ৰকাশ পোৱাৰ বিপৰীতে তৃতীয়খন প্ৰকাশ পাব সাত জুলাইত, চতুৰ্থখন ১৩ জুলাই আৰু পঞ্চমখন তালিকা প্ৰকাশ পাব অহা ১৮ জুলাইত। ইপিনে দিল্লী বিশ্ববিদ্যালয়ত নাম ভৰ্তিৰ বাবে অহা উত্তৰ পূবৰ চিবিএছইৰ ছাত্ৰ ছাত্ৰী বিপদত পৰিব লগা পৰিস্থিতিৰ সৃষ্টি হয়। কিয়নো হিন্দু, হংসৰাজ আদি কেইবাখনো আগশাৰীৰ কলেজে গ্ৰহণ কৰা নাই ইন্টাৰনেটৰ পৰা ডাউনলোড কৰা মাৰ্কছিট। চিবিএছইয়ে প্ৰকৃত মাৰ্কশ্বিট এতিয়াও নিদিয়াত এই অসুবিধাৰ সন্মুখীন হয় ছাত্ৰ ছাত্ৰীসকল। এনে সিদ্ধান্ত বাহাল থাকিলে নামভৰ্তিৰ পৰা বঞ্চিত হব বহু ছাত্ৰ ছাত্ৰী।

Related Articles

Leave a Reply

Close